নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় এমী বঁটাৰ বাবে মনোনীত আদিল হুছেইন অভিনীত ছবি ‘দিল্লী ক্ৰাইম’

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ খ্যাতিমান অভিনেতা অসম সন্তান আদিল হুছেইন অভিনীত  ছবি ‘দিল্লী ক্ৰাইম’ মনোনীত হৈছে এইবছৰৰ আন্তঃৰাষ্ট্ৰীয় এমী বঁটাৰ বাবে। নেটফ্লিক্স প্ৰডাকচনৰ প্ৰযোজনাত নিৰ্মিত ছবি দিল্লী ক্ৰাইমৰ এটা অন্যতম চৰিত্ৰত অভিনয় কৰিছিল আদিল হুছেইনে।

ছবিখনে বেষ্ট ড্ৰামা শিতানত এমী বঁটাৰ বাবে মনোনীত হয়। ইণ্ডো-কানাডিয়ান ছবি নিৰ্মাতা ঋষি মেহতাই পৰিচালনা কৰা ২০১৯ৰ ছবিখনত শেফালি শ্বাহ, ৰাশিকা ডুগল আৰু ৰাজেশ টাইলাঙেও অভিনয় কৰিছে। উল্লেখ্য আজি সন্ধিয়া টুইটযোগে আভিনেতা আদিল হুছেইনে এই কথা জানিবলৈ দিয়ে।

You might also like