লাহৰীঘাটত আৰক্ষীৰ অভিযানত নগদ ধনসহ জুৱাৰী আটক
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ মৰিগাঁৱৰ লাহৰীঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ, গাঁজা, তীৰ, জুৱা আদি অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান।সমান্তৰালকৈ অভিযান অব্যাহত ৰখা সময়তেই যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে ৪জনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে।, লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমিৰ হুছেইনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটিয়ে গোপন খবৰ ভিৰ্তিত ধূপগুৰীত অভিযান চলাই হাতে লোটে ৪জনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।ধৃত জুৱাৰীকেইজনৰ নাম ক্ৰমে মাজাহাৰুল ইছলাম (২৫), নিয়ামত আলী (২৬), চাহাৰ আলী (২৪) আৰু আকিবুল ইছলাম (২০)। ধৃত জুৱাৰীকেইটাৰ পৰা আৰক্ষীয়ে নগত ধন, তাচপাতসহ খেলত ব্যবহ্নত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। অভিযোগ মৰ্মে ধৃত লোককেইজনে দীৰ্ঘদিনৰে পৰা আৰক্ষীৰ চকুত ধূলি দি নিৰ্বিঘ্নে ধূপগুৰী অঞ্চলটোত এনে অসামাজিক কাৰ্যকলাপ কৰি আহিছে । আজি লাহৰীঘাট আৰক্ষীয়ে ধৃত জুৱাৰীকেইটাৰ বিৰুদ্ধে ৩৪২/২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে ।
প্ৰেৰক আবুল কালাম