নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ছাগলচৰাত বাংলাদেশলৈ গোপনে সৰবৰাহৰ বাবে অনা ৯টাকৈ গোধনসহ বাহন জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ যোৱানিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ছাগলচৰা অঞ্চলত বাংলাদেশলৈ গোপনে সৰবৰাহ কৰিবলৈ অনা নটাকৈ গোধনসহ এখন বাহন আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ধুবুৰী ফুলবাৰী দলংৰ নিৰ্মাণৰ সৈতে জড়িত এল এণ্ড টি নামৰ বহুজাতিক সন্থাটৱে নিৰ্মাণ কৰা দুটা অস্থায়ী দলংৰ প্ৰথমটো দলং পাৰ হৈ যোৱা এএছ ১৭চি/৪৮১৪ নম্বৰৰ এখন গোধনবাহী বগা ৰঙৰ পিক্ আপ ভেন যোৱানিশা ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ এটি দলে জব্দ কৰে। বাহনখনৰ উদ্ধাৰ হোৱা গৰু কেইটা বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইপিনে গোধন কঢ়িয়াই অনা সেই বাহনখনৰ চালক অথৱা অইন কোনে সহযোগীক কৰায়ত্ব কৰিবলৈ নোৱাৰিলেও এল এণ্ড টিৰ মুজ্জাফৰ হুছেইন নামৰ প্ৰহৰী এগৰাকীক আটক কৰি আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। ইপিনে যোৱাকালিৰ সেই ঘটনাই অঞ্চলটোত বৰ লুইতৰ ওপৰেৰে এল এণ্ড টিয়ে নিৰ্মাণ কৰা অস্থায়ী দলং দুখন গো–সৰবৰাহকাৰী চক্ৰই বাংলাদেশলৈ পশুধন সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ লৈছে নেকি বুলিওয় এক প্ৰশ্নৰ জন্ম দিছে। সমান্তৰালকৈ ইমান ভিতৰুৱা অঞ্চললৈকে গোধন কঢ়িয়াই অনা এখন বাহনখন কিদৰে আৰক্ষীৰ নিৰাপত্তা তথা নীৰিক্ষণ ব্যৱস্থাপনাক ভেঙুচালি কৰি বাংলাদেশ সীমান্তৰ সমীপৱৰ্তী অঞ্চললৈ যাব পাৰিলে সেই প্ৰশ্নও উচ্চাৰিত হৈছে।

You might also like