মাৰ্ঘেৰিটাত খোৱাপানীৰ নামত বৰবিহ বিক্ৰী ‘পাৱাৰ ইণ্ডিয়া’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ মিনাৰেল ৱাটাৰ নামত একাংশ ব্যৱসায়ীয়ে আপোনাক খুৱাই আছে বৰবিহ। মাৰ্ঘেৰিটাৰ এগৰাকী কেন্সাৰ ৰোগীক চিকিৎসকে অস্ত্ৰোপচাৰৰ পাছত ড্ৰিংকিং ৱাটাৰ খাবলৈ পৰামৰ্শ দিছিল আৰু সেই মৰ্মে কিছুদিনৰ পৰা মাৰ্ঘেৰিটা চেগুনবাৰীৰ তিনিআলিস্থিত পাৱাৰ ইণ্ডিয়া নামৰ বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰি বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ পৰা খোৱা পানী ক্ৰয় কৰি খাই আহিছিল।
কিন্তু খোৱাপানীৰ নামত বিষাক্ত শেলুৱৈ-গেদযুক্ত পানী বটলত বিক্ৰী কৰি অহাৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে ৰোগীগৰাকীৰ স্বামীয়ে ইয়াৰ পূৰ্বেও উক্ত প্ৰতিষ্ঠানটোৰ পৰা ৫০ লিটাৰ বটল ক্ৰয় কৰি কেন্সাৰ ৰোগী পত্নীগৰাকীক খাবলৈ দি আহিছিল যদিও আজি এই ঘটনা পোহৰলৈ আহে।
এই ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰু বহুকেইগৰাকী ভুক্তভোগী লোকে পাৱাৰ ইণ্ডিয়া নামৰ এই প্ৰতিষ্ঠানটোৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে। এই সম্পৰ্কে মাৰ্ঘেৰিটা আৰক্ষী থানাত ভুক্তভোগী দিপেন বুঢ়াগোহাঁয়ে এটা গোচৰো প্ৰদান কৰিছে। বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহসদৃশ পানী বিক্ৰী কৰি অহা এনে প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে মাৰ্ঘেৰিটাৰ সচেতন ৰাইজে।