নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রৱঞ্চক প্রণৱ মহন্তক কলকাতাত গ্রেপ্তাৰ ছয়গাঁও আৰক্ষীৰ

নিয়মীয়া বার্তা, ১৭ ডিচেম্বৰঃ অনলাইন লোনৰ নামত দেশত এতিয়া জাল পাতিছে প্রৱঞ্চকে৷ এই প্রৱঞ্চকৰ জালত পৰি ইতিমধ্যে দেশৰ লগতে ৰাজ্যৰ বহু লোকে ধন হেৰুৱাইছে৷ এনে প্রৱঞ্চকৰ জালত পৰি এইবাৰ কামৰূপ জিলাৰ ছয়গাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভগৱান দাসৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ছয়গাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভগৱান দাসক ১ লাখ টকাৰ লোন দিয়াৰ নামত প্রৱঞ্চকে অতি কৌশলেৰে ৩ লাখ ১০ হাজাৰ টকা সৰকায়৷ পিছত বৃহৎ পৰিমাণৰ এই ধন হেৰুৱাই হাবডুবু খোৱা ভগৱান দাসে ছয়গাঁও আৰক্ষীক এজাহাৰ দাখিল কৰে৷ ভগৱান দাসৰ এজাহাৰৰ ভিত্তিত ছয়গাঁও থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে নিজে গৈ কলকাতাৰ ছল্টলেক চহৰত অভিযান চলাই এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

টেকনো এছ’চিয়েট নামৰ ভুৱা প্রতিষ্ঠানটোৰ মূল প্রৱঞ্চক প্রণৱ মহন্তক গ্রেপ্তাৰ কৰি লৈ আহে ছয়গাঁও আৰক্ষীয়ে৷ লখিমপুৰৰ প্রণৱ মহন্তই কলকাতাত বাহৰ পাতি ভুৱা অনলাইন লোনৰ বজাৰ খুলিছিল৷ কামৰূপ জিলাৰ ছয়গাঁও থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে প্রৱঞ্চক প্রণৱ মহন্তক গ্রেপ্তাৰ কৰাৰ বাবে তিনি দিন ধৰি কলকাতাত বাহৰ পাতি আছিল৷ টেকনো এছ’চিয়েটৰ মূল প্রৱঞ্চক ধৃত প্রণৱ মহন্তৰ পৰা ৩২খন এটিএম কার্ড, বহুকেইটা ম’বাইল হেণ্ডছেটসহ ভুৱা নথিপত্র জব্দ কৰিছে৷ সম্প্রতি জেৰা অব্যাহত আছে৷ এতিয়া সাংবাদিক ভগৱান দাসে প্রৱঞ্চকে সৰকোৱা মুঠ ৩ লাখ ১০ হাজাৰ টকা ঘূৰাই পাব নে নাই তাক লৈ তেওঁ চিন্তিত হৈ পৰিছে৷

You might also like