নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিত শীঘ্রে ক’ৰোনাৰ গণ টিকাকৰণ অভিযান

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ উত্তৰ প্রদেশত শীঘ্রে ক’ভিড–১৯ প্রতিৰোধী গণ টিকাকৰণ অভিযান আৰম্ভ কৰা হ’ব৷ ৰাজ্যখনৰ চৰকাৰে আজি সদৰী কৰিছে এই তথ্য৷ লক্ষণীয়ভাৱে চৰকাৰে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ স্বাস্থ্য বিভাগৰ আমোলা–বিষয়া, চিকিৎসক তথা স্বাস্থ্যকর্মীসকলৰ সকলো ধৰণৰ ছুটী বাতিল কৰিছে৷ ৩১ জানুৱাৰীলৈকে স্বাস্থ্য কর্মী সকলে কোনোধৰণৰ ছুটী নাপাব ৰাজ্যখনত৷ চিকিৎসক, নার্ছ, ঠিকাভিত্তিক কর্মী তথা দিনমজুৰসকলেও স্বাস্থ্য বিভাগত জড়িত থাকিলে ছুটী লাভ কৰিবলৈ সক্ষম নহ’ব৷ উত্তৰ প্রদেশত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালকপ্রধান ৰাকেশ ডুবেই এই সন্দর্ভত আজি এক জাননী জাৰি কৰিছে৷

You might also like