নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশান্ত বৰাক অসম বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ সন্থাৰ সভাপতি নিৰ্বাচিত; উৎফুল্লিত যোৰহাট জিলা এচ’ছিয়েচন অৱ বডী বিল্ডাৰ্ছ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : অলপতে গুৱাহাটীস্থিত লেণ্ডমাৰ্ক হোটেলত অনুষ্ঠিত অসম বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ সন্থাৰ সাধাৰণ সভা আৰু নিৰ্বাচনত যোৰহাটৰ প্ৰশান্ত বৰা সভাপতি হিচাপে নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে যোৰহাট জিলা এচ’ছিয়েচন অৱ বডী বিল্ডাৰ্ছৰ কৰ্মকৰ্তাসকল।

যোৰহাট জিলা এচ’ছিয়েচন সভাপতি দীপাংকৰ খাৰঘৰীয়া আৰু সাধাৰণ সম্পাদক সুশীল বৰদলৈয়ে এক প্ৰেছ বিবৃতিযোগে নৱ নিৰ্বাচিত সভাপতি প্ৰশান্ত বৰাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ৩১ জানুৱাৰীত যোৰহাট ডিচিবি ৰ’ডস্থিত অংশোকা একাডেমীত আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনাব বুলি জানিবলৈ দিছে। অনুষ্ঠানত যোৰহাট জিলা এচ’ছিয়েচন অৱ বডী বিল্ডাৰ্ছৰ সকলো সদস্যক উপস্থিত থাকিবলৈ সন্থাৰ সম্পাদকগৰাকীয়ে অনুৰোধ জনাইছে।

You might also like