নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত আছুৰ ক’লা পতাকা উত্তোলন, ‘কা’ৰ প্ৰতিলিপি দাহ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম আৰু অসমীয়াৰ আৱেগ অনুভূতিক ভৰিৰে মোহাৰি বলপূৰ্বক ভাৱে নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ প্ৰতিবাদত আৰু এই আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ সময়ত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই বৰহোলা চাৰিআলিৰ মাজমজিয়াত ‘কা’ ৰ প্রতিলিপি দাহ কৰি আৰু বৰহোলাৰ বিভিন্ন ঠাইত ক’লা পতাকা উত্তোলনৰে প্ৰতিবাদ সাব্যস্ত কৰে।

কাৰ্যসূচীত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগ, সম্পাদক প্ৰদীপ বৰুৱা, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠক, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মানৱ সোণোৱাল, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বিপ্লৱ সোনোৱালৰ লগতে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু ৮ টা প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

You might also like