নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেৰণা পুথিভঁৰালত ইতিহাসবিদ ডি. এন. ঝাৰ স্মৃতিচাৰণঃ কুইজ প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ প্ৰেৰণা পুথিভঁৰালত আজি অনুষ্ঠিত হয় ইতিহাসবিদ দ্বিজেন্দ্ৰ নাৰায়ণ ঝাৰ স্মৃতিচাৰণ সভা। যোৱা ৪ ফেব্ৰুৱাৰীত মৃত্যুবৰণ কৰা প্ৰখ্যাত ইতিহাসবিদগৰাকীৰ স্মৃতিচাৰণ সভাত উপস্থিত সদস্যবৃন্দৰ আগত ভাষণ ৰাখে প্ৰেৰণা পুথিভঁৰালৰ সহযোগী পৰিচালক হৃষীকেশ বৰপূজাৰী, পুথিভড়ালটোৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই।

হৃষীকেশ বৰপূজাৰীয়ে ভাষণত আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত এইজনা পুৰোধা ব্যক্তিৰ The Myth of the Holy Cow গ্ৰন্থৰ অৱতাৰণা কৰি উল্লেখ কৰে যে গো-মাংসক লৈ তথাকথিত হিন্দুত্ববাদীয়ে সঘনাই প্ৰকাশ কৰি অহা মতৰ যে কোনো ভিত্তি নাই, সেয়া এই গ্ৰন্থখনে দাঙি ধৰে। ভাৰতৰ প্ৰাচীন ইতিহাস তথা ঋকবেদৰ তথ্য উল্লেখেৰে বৰপূজাৰীয়ে গো-মাংসৰ ৰাজনীতিৰ কোনো ধৰণৰ তথ্যগত যুক্তি নাই বুলি উল্লেখ কৰে।

আনহাতে ভাষণত দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই কয়- ‘একাংশ হিন্দু ধৰ্মৰ স্বয়ম্ভু অভিভাৱকে এই কথা প্ৰচাৰ কৰিছে যে ভাৰতবৰ্ষত ইছলামধৰ্মী সকলে পোনপ্ৰথমে গো-মাংস ভক্ষণ আৰম্ভ কৰিছিল । কিন্তু ডি. এন. ঝাই তথ্য আৰু যুক্তি সহকাৰে এই কথা প্ৰতিপন্ন কৰিছিল যে মুছলমানসকল ভাৰতলৈ অহাৰ বহু পূৰ্বে বৈদিক যুগতে ভাৰতবৰ্ষত গো-মাংসৰ প্ৰচলন আছিল।’ তেওঁ উপস্থিত ৰাইজক ডি. এন. ঝাৰ এইবিষয়ক গ্ৰন্থসমূহ পঢ়িবলৈ আহ্বান জনায়।

অনুষ্ঠানত প্ৰেৰণা পুথিভঁড়ালৰ জ্যেষ্ঠ পৰিচালক সুশীল মালাকৰ, হাৰকিউলিয়েন বৰ্মন তথা পৰিচালকমণ্ডলীৰ সদস্য তৰালি শৰ্মা, মৃগাংক ভাগৱতী, মছপিকা চাহিল, অংকুৰ তালুকদাৰ, মানৱ জ্যোতি শইকীয়া আৰু পুথিভড়ালৰ নতুন দেহৰ শাখাৰ মুখ্য পৰিচালক বনজিত ডেকা, পৰিচালক জিন্টু হাজৰিকা আদি উপস্থিত থাকে ।

ইয়াৰ লগতে প্ৰেৰণা পুথিভঁৰালৰ ১৫৭ সংখ্যক কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। প্ৰতিযোগিতাত নিম্ন শাখাত যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰে ঈশা দত্ত আৰু কৰৱী হালৈয়ে (নৱজ্যোতি জাতীয় বিদ্যালয়,চামতা), দ্বিতীয় স্থান লাভ কৰে বৰগাছা মজলীয়া বিদ্যালয়ৰ ছাত্ৰ কাৰ্তিক বৰ্মনে, তৃতীয় স্থানত থাকে পানীগাওঁৰ ছেইণ্ট মেৰীজ স্কুলৰ দিপাংশু বৰপূজাৰী ।

মধ্য শাখাত প্ৰথম স্থান লাভ কৰে চামতাৰ নৱজ্যোতি জাতীয় বিদ্যালয়ৰ অভিনৱ নাৰায়ণ শৰ্মাই । দ্বিতীয় স্থানত থাকে অংকুৰ বৰ্মন ( চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু পলাশজ্যোতি বৰ্মন (নৱজ্যোতি জাতীয় বিদ্যালয়, চামতা) ।

আনহাতে উচ্চ শাখাত বিহামপুৰৰ তৰালি শৰ্মা আৰু NIT শিলচৰৰ হৃষীকেশ বৰপূজাৰীয়ে যুটীয়াভাৱে প্ৰথমস্থান লাভ কৰে, দ্বিতীয় স্থান ক্ৰমে এ. পি. জে আব্দুল কালাম একাডেমীৰ কৌশিক কাকতি, নলবাৰী মহাবিদ্যালয়ৰ চন্দন দাস আৰু কামৰূপ মহাবিদ্যালয়ৰ কাকলি বৰ্মনে লাভ কৰে।

You might also like