নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণ যাত্ৰা সুগম কৰি তোলাৰ লক্ষ্যৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি চিৰাং জিলাত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়৷ জিলা সদৰ কাজলগাঁওস্থিত পেৰেড গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷ চিৰাং জিলাৰ সহকাৰী আয়ুক্ত কুশল কলিতাই আঁত ধৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিৰাং জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু ৬০ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰীৰ মাজৰে চিৰাং জিলাৰ মুঠ ৩৪৩গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হয় ৷ ইয়াৰ ভিতৰত ৬৫জন ছাত্ৰক নীলা ৰঙৰ স্কুটী আৰু  ২৭৮গৰাকী ছাত্ৰীক ৰঙা ৰঙৰ স্কুটী প্ৰদান কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে বিশিষ্ট অতিথিসকলে ৷ ভাষণ প্ৰসংগত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলাখনৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই অনাগত দিনত তেওঁলোকক অধ্যয়নপুষ্ঠ হৈ ভৱিষ্যতে প্ৰতিষ্ঠা লাভ কৰি সুনাগৰিক হৈ সমাজৰ তথা দেশৰ হকে কাম কৰিবলৈ আহ্বান জনায়৷ মন্ত্ৰী ব্ৰহ্মই লগতে চিৰাং জিলাত পঞ্চাশ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক জিলা ক্ৰীড়া প্ৰকল্প স্থাপন, বিজনীত মিনি ষ্টেডিয়াম স্থাপন আৰু ৰাজ্য চৰকাৰে মহিলা সৱলীকৰণৰ বাবে অৰুণোদয় আঁচনি আৰু মাইক্ৰ ফাইনেন্স ৰেহাইৰ জৰিয়তে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলিও মত ব্যক্ত কৰে ৷ সভাত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন আৰু নডেল প্ৰিন্সিপাল বঙাইগাঁও বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ হিমন্তী বালা ৰায়েও নিজৰ নিজৰ ভাষণ প্ৰশংগত ছাত্ৰ-ছাত্ৰী সকলক জ্ঞান আহৰণৰ ওপৰত বক্তব্য ৰাখি অনাগত দিনত নিজৰ ভৱিষ্যত সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক নিজকে আন ছাত্ৰ ছাত্ৰী সকলৰ বাবে প্ৰেৰণা স্বৰূপ হ’বলৈ আহ্বান জনায় ৷ আজি চিৰাং জিলা পেৰেড গ্ৰাউণ্ডত আনুষ্ঠানিক ভাৱে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰথমে মুঠ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক এই বঁটা আগবঢ়াই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like