নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ পূৰৱী শইকীয়াক শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

বিশেষ বাৰ্তা, ২২ আগষ্টঃ লখিমপুৰত উছৱমুখৰ পৰিৱেশ। লখিমপুৰৰ এগৰাকী জীয়ৰীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে এনে আনন্দমুখৰ পৰিবেশ সৃষ্টি হয়। তেওঁ হল ড০ পূৰৱী শইকীয়া। লখিমপুৰৰ চিয়াজুলি বাগান গাঁও নিৱাসী কৃষক প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কনিষ্ঠ কন্যা তথা বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডঃ পূৰৱী শইকীয়াক আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চলিত বৰ্ষৰ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা প্ৰদান কৰে। উল্লেখযোগ্য এইবাৰ কেন্দ্ৰীয় চৰকাৰে ৩৩ টা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ ঘোষণা কৰিছিল। ডঃ শইকীয়াকে ধৰি বঁটাপ্ৰাপ্ত সকলো গৱেষককে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিনৰ ১১ বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বঁটাসমুহ প্ৰদান কৰে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰচাৰিত বঁটা প্ৰদান অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰি ডঃ পূৰৱী শইকীয়াই পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীপৰ্যন্ত শিক্ষাগ্ৰহণ কৰা পূৰৱীৰ জন্মগাঁৱত অৱস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। এই আনন্দ তে শিক্ষক সমাজে তেওঁৰ মাতৃক  বাসগৃহত গৈ এখন চেলেং চাদৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে লখিমপুৰৰ জীয়ৰী ডঃ পূৰৱী শইকীয়াই আজি বঁটা গ্ৰহণ কৰা বুলি জানিব পাৰি সমগ্ৰ জিলাবাসীয়েই তেওঁৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে। সৰুৰে পৰা মেধাসম্পন্ন পূৰৱী শইকীয়াই চিয়াজুলিস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিছিল। উক্ত মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পূৰৱীয়ে পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ নিৰিজুলিস্থিত নেৰিষ্টত ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্ত্তি কৰে। ২০১১ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আগবঢ়োৱা ফেল’শ্বিপ লৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেল ৰিচাৰ্চাৰ ৰূপে যোগদান কৰে। এই বিশ্ববিদ্যালয়ত কেইমাহমান কৰ্ম সম্পাদন কৰি তেওঁ ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰেগৈ। বৰ্তমান বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ পূৰৱী শইকীয়াৰ স্বামী চিকিম বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে কৰ্মৰত যদিও বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ অনুৰোধমৰ্মে তেওঁ আমেৰিকাৰ পাৰ্ডিউ বিশ্ববিদ্যালয়ত ইণ্ডো-ইউ এছ ফুল ব্ৰাইট ফেল’শ্বিপৰ বাবে ন-মহীয়া এক গৱেষণাত ব্যস্ত আছে। স্মৰ্তব্য যে, ভাৰতবৰ্ষৰ বিজ্ঞানৰ ক্ষেত্ৰখনত এনেদৰে সৰ্বোচ্চ সন্মান লাভ কৰা ডঃ পূৰৱী শইকীয়া হ’ল অসমৰ ষষ্ঠগৰাকী অসমীয়া। তেওঁ প্লাণ্ট ইক’লজী, বায়’ডাইভাৰচিটি কনজাৰভেচন আৰু চইল ইক’লজীৰ ওপৰত গৱেষণা কৰি এই বিৰল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিজ্ঞান-প্রযুক্তিবিদ্যা বিষয়ক বিভিন্ন প্রতিবেদন সফলতাৰে উপস্থাপন কৰাৰ সুবাদত লখিমপুৰৰ জীয়ৰী ড° পূৰবী শইকীয়াক লক্ষ্ণৌত অৱস্থিত ‘প্রফেছৰ এইচ এছ শ্রীবাস্তৱ ফাউণ্ডেচন ফৰ ছায়েন্স এন্ড ছ’চাইটি’য়ে ২০১৮-১৯ বৰ্ষৰ যুৱ মহিলা নেতৃত্ব বঁটাৰে সন্মানিত কৰিছিল। লখিমপুৰৰ জীয়ৰী গৰাকীৰ এই সাফল্য ত জিলা বাসীয়ে গৌৰৱবোধ কৰিছে।
প্ৰেৰক জীৱন গোস্বামী
You might also like