নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াৰ বুঢ়া–বুঢ়ী শালত প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ পূজা-অর্চনা 

নিয়মীয়া বার্তা, ৮ ফেব্রুৱাৰীঃ এক ব্যক্তিগত ভ্রমণসূচী লৈ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি শর্মা ভূঞা মাজুলীৰ ভ্রমণসূচী সামৰি মঙলবাৰে শদিয়াত উপস্থিত হয়হি৷ এই ব্যক্তিগত ভ্রমণসূচীত তেওঁক সংগ দিছে পুত্র নন্দিল বিশ্ব শর্মাই৷ বুধবাৰৰ দিনটোত মাজুলীৰ পৰা পোনে পোনে আহি শদিয়াৰ দাঁতিকাষৰীয়া অৰুণাচল প্রদেশৰ নামচাই জিলাত থকা গোল্ডেন পেগ’ডা দর্শন কৰি শদিয়াৰ জ্যোতিষ নগৰৰ ডেকাচাং ৰিজ’ৰ্টত নিশাটো অতিবাহিত কৰি পুৱাতে শদিয়াৰ ঐতিহাসিক বুঢ়া–বুঢ়ী শাল দর্শন কৰে৷ জানিব পৰা মতে, উক্ত শাল দর্শন কৰাৰ সময়ত শদিয়াৰ স্থানীয় বিধায়ক বলীন চেতিয়া আৰু তেওঁৰ পত্নীৰ লগতে শদিয়াৰ মহকুমাধিপতি অনুপম ডেকায়ো তেওঁক সংগ দিয়ে৷ উল্লেখ্য যে এই ঐতিহাসিক শালখন শদিয়াবাসীৰ বাবে এখন জাগ্রত শাল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই জাগ্রত শালখনলৈ বিগত সময়ত কেইবাবাৰো দর্শন কৰি সেৱা আগবঢ়াই গৈছে৷ উল্লেখ্য যে এই ভ্রমণসূচী একান্ত ব্যক্তিগত আছিল আৰু সংবাদ মাধ্যমৰ আগত এই ভ্রমণৰ বিষয়ে প্রকাশ কৰাৰ পৰা কিছু দূৰত্ব বজাই ৰাখে৷ জানিব পৰা মতে, উক্ত শালখন ভ্রমণ কৰাৰ সময়ত শালখনৰ পৰিচালনা সমিতি আৰু পূজাৰীসকলৰ লগত এক অন্তৰংগ আলোচনাত মিলিত হৈ শালখনৰ অভাৱ–অভিযোগৰ বুজ লৈ শালখনলৈ দৈনিক অহা–যোৱা কৰিবলৈ পূজাৰীসকলক একোখন বাইচাহকেল প্রদান কৰাৰ লগতে মন্দিৰৰ খোৱাপানী সমস্যা সমাধান কৰিবলৈ প্রদক্ষেপ গ্রহণ কৰিব বুলি প্রতিশ্রুতি প্রদান কৰে ৷ হয়াৰ পিছতে তেওঁ পোনে পোনে শদিয়াৰ পৰা কিছু নিলগত থকা আন এক তীর্থস্থান পৰশুৰামকুণ্ডলৈ বুলি ৰাওনা হয়৷

You might also like