নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ১১খন জিলাত বন্ধ হ’ল প্রাথমিক বিদ্যালয়ঃ ক’ৰোনাৰ ভয়াৱহ সংক্রমণ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নির্দেশনা অনুসৰি সোমবাৰৰে পৰা ১১খন জিলাত প্রাথমিক বিদ্যালয় অহা ৮ মে’ পর্যন্ত বন্ধ ৰখা হয়৷ এই জিলাকেইখন হ’ল– কামৰূপ (ম), কামৰূপ, নগাঁও, শোণিতপুৰ, যোৰহাট, ডিব্রুগড়, তিনিচুকীয়া, কাছাৰ আৰু বৰপেটা৷

উল্লেখ্য যে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই প্রাথমিক বিদ্যালয় বন্ধ কৰা সন্দর্ভত কালি আনুষ্ঠানিকভাৱে নির্দেশনা জাৰি কৰিছিল৷ জাননীখনত কোৱা হৈছিল যে ৰাজ্যৰ যিকেইখন জিলাত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ১০০ৰ ঘৰ অতিক্রম কৰিছে, সেই জিলাসমূহত প্রথমৰ পৰা পঞ্চম শ্রেণীপর্যন্ত প্রাথমিক বিদ্যালয়সমূহ ৮ মে’পর্যন্ত বন্ধ থাকিব আৰু ৮ মে’ত পৰৱর্তী নির্দেশনা প্রকাশ কৰা হ’ব৷

আনহাতে, যিসমূহ জিলাত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ১০০ৰ তলত আছে, সেই জিলাসমূহত পূর্বৰ দৰেই পাঠদান অব্যাহত থাকিব৷

উল্লেখ্য যে ক্রমাৎ স্পর্শকাতৰ হৈ পৰা ক’ভিডৰ সংক্রমণ প্রতিৰোধৰ উদ্দেশ্যে শিক্ষা বিভাগে শনিবাৰে জাৰি কৰা জাননীখনত বৰপেটাক বাদ দি প্রথম পর্যায়ত ৮খন জিলাত বিদ্যালয় বন্ধৰ ঘোষণা কৰিছিল৷ কিন্তু বৰপেটা জিলাতো ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যাই শতকৰ ঘৰ অতিক্রম কৰাত কালি এই জিলাখনত থকা প্রাথমিক বিদ্যালয়সমূহ বন্ধ ৰখা হয়৷

ইফালে, বৰপেটাৰ পাছত কালি বঙাইগাঁও আৰু হোজাই জিলাতো ক’ৰোনা ভাইৰাছৰ আক্রান্ত লোকৰ সংখ্যা শতকৰ ঘৰ অতিক্রম কৰে৷ বঙাইগাঁৱত ১০৯জন আৰু হোজাইত ১০৭জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ এনে পৰিস্থিতিত বঙাইগাঁৱত জিলা প্রশাসনে ইতিমধ্যে প্রাথমিক বিদ্যালয় বন্ধ ৰখাৰ নির্দেশ দিছে৷

আন জিলাত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যাই শতকৰ ঘৰ অতিক্রম কৰাৰ লগে লগে তাতো এই নির্দেশনা প্রযোজ্য হ’ব৷

উল্লেখ্য যে এখন জিলাত ৩০০তকৈ অধিক লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হ’লে তেনে জিলাত বিহু অনুষ্ঠান বন্ধ ৰাখিবলৈ প্রশাসনে নির্দেশ দিছিল৷ সেই মর্মে ৩০০তকৈ অধিক লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাত কামৰূপ আৰু ডিব্রুগড় জিলাত বিহুৰ অনুষ্ঠান বাতিল কৰা হয়৷

You might also like