নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ মে’ৰ পৰা ১৮ বছৰৰ ঊর্ধ্বক দিয়া হ’ব ভেকচিন

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি সংহাৰী ৰূপ লোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ টিকাকৰণ অভিযানৰ পৰিসৰ বৃদ্ধি কৰিলে৷ ১ মে’ৰ পৰা তৃতীয় পর্যায়ৰ ক’ভিড–১৯ ভেকচিন প্রদানত ১৮ বছৰৰ ঊর্ধ্বৰ সকলোকে ভেকচিন প্রদান কৰিব৷

সোমবাৰে কেন্দ্রীয় চৰকাৰে এই কথা ঘোষণা কৰিছে৷ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত ক’ভিড–১৯ টিকাকৰণ অভিযান প্রসাৰৰ লগতে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এই বৈঠকতেই ১ মে’ৰ পৰা ১৮ ঊর্ধ্বৰ সকলোকে ভেকচিন প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

তদুপৰি কেন্দ্রীয় চৰকাৰৰ মূল্যৰ আধাৰত ৰাজ্য চৰকাৰ, ব্যক্তিগত চিকিৎসালয় আৰু ঔদ্যোগিক প্রতিষ্ঠানসমূহে ভেকচিন প্রস্তুত কৰোতাৰ পৰা ভেকচিন ক্রয় কৰিব পাৰিব৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৃতজ্ঞতা জনায় অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

You might also like