মিছামাৰীত প্ৰহসনত পৰিণত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা
কোটি কোটি টকা খৰচ কৰি স্থাপন কৰা আঁচনি কৃষকক পানী যোগান ধৰাত ব্যৰ্থ ৷৷
নিয়মীয়া বাৰ্তা, ২৬ মেঃ এতিয়া জেঠ মাহ ৷ বাৰিষাৰ পথাৰত কঠীয়া ৰুবলৈ কঠীয়াৰ ধান পৰাৰ ভৰপক সময় ৷ কিন্তু পথাৰত এটুপি পানী পাবলৈ নাই ৷ বাৰিষা বতৰত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি অসমকে আদিকৰি দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলে আৰম্ভণিৰ পৰা পথাৰত কৃষি কৰ্ম কৰি আহিছে ৷ অসমত মূলতঃ ধান খেতি প্ৰচুৰ পৰিমাণে হয় আৰু ইয়াৰ কৃষকে ধানখেতিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা যায় ৷
বাৰিষাৰ ধান খেতিৰ কাৰণে জেঠ মাহত পথাৰত কঠীয়াৰ ধান পৰা হয় কিন্তু এইবাৰ এতিয়ালৈকে বৰষুণে বিধিপথালি দিয়াত কৃষক সকলে কঠীয়াৰ ধান পথাৰত পাৰিব পৰা নাই ৷ উল্লেখ্য যে পথাৰৰ খেতিৰ কাৰণে পানীৰ অভাৱ দূৰ কৰিবলৈ চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থাৰ পাছতে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা নামৰ এটা অভিলাষী আঁচনি আৰম্ভ কৰিছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰীৰ দৰে গুৰুত্ব পূৰ্ণ পদ লাভ কৰাৰ পাছত কৃষি খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কৃষক সকলে বছৰটোৰ সকলো সময়ত কৃষিকৰ্ম কৰিবলৈ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ দৰে গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰে ৷
বিদ্যুত আৰু সৌৰশক্তিৰ দ্বাৰা চালিত অভিলাষী পানী যোগান আঁচনি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাৰ পাছত দেশৰ অন্যান্য প্ৰান্তৰ দৰে অসম তথা মিছামাৰী অঞ্চলত আঁচনিটো স্থাপন কৰিবলৈ আৰম্ভ কৰাত ইয়াৰ কৃষকৰ মুখত হাঁহি বিৰিঙিছিল আৰু তেওঁলোকে বাৰিষা, খৰালি দুয়োটা বতৰত সমানে খেতি কৰাৰ পণ কৰিছিল ৷ কিন্তু পৰিতাপৰ বিষয় দিন বাগৰাৰ লগেলগে বিশেষকৈ বৃহত্তৰ মিছামাৰী অঞ্চলত স্থাপন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আঁচনিৰ অধিকাংশ প্ৰহসনত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷
আঁচনিটোৰ দুই এখনে কৃষকক পানী দিবলৈ সক্ষম হৈছে যদিও ইয়াৰ অধিকাংশ আঁচনি বিকল, বতাহ ধুমুহাই সৌৰশক্তি আহৰণ কৰা চলাৰ সমুহ উৰুৱাই নিয়াৰ ফলত আঁচনি সমুহ বিধ্বস্ত হৈ পৰিছে ৷ সৌৰশক্তি আৰু বিদ্যুতৰ দ্বাৰা চালিত আঁচনি সমুহ বিকল হোৱাৰ পাছত কৃষক সকলে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাছত তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৷ আনকি বাৰংবাৰ যোগাযোগ কৰাৰ পাছতো কোনোধৰণৰ ফল ধৰা নাই বুলি কৃষক সকলে অভিযোগ উত্থাপন কৰিছে ৷
অন্যান্য প্ৰান্তৰ দৰে মিছামাৰী অঞ্চলৰ কঠালগুৰি, দীঘলজুলি, ভেৰভেৰী গাঁৱৰ কৃষি পথাৰত কোটি কোটি চৰকাৰী ধন খৰচ কৰি কৃষি পথাৰত স্থাপন কৰা প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আঁচনি প্ৰহসনত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ কঠালগুৰি গাঁৱৰ কৃষক ৰাইজে জানিবলৈ দিয়ামতে তেওঁলোকৰ গাঁৱৰ পথাৰত চাৰিটাকৈ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আঁচনি স্থাপন কৰিছে ৷ ইয়াৰে দুটা আঁচনিৰ চলাৰ ধুমুহাই কেইবছৰ মানৰ পূৰ্বে উৰুৱাই লৈ যায় ৷ আনহাতে ইয়াৰে এটা কোনোমতে চলি আছে আৰু আনটো বছৰৰ পাছত বছৰ ধৰি বিকল হৈ জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হৈছে ৷ সমান্তৰালভাৱে অঞ্চলটোৰ বিভিন্ন গাঁৱৰ কৃষি পথাৰত স্থাপন কৰা উক্ত আঁচনি সমুহৰ অৱস্থা তথৈৱচ বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷
প্ৰেৰক বগা তপ্ন