নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইডছৰ হটস্পটত পৰিণত হৈছে কাৰাগাৰঃ মাত্ৰ এমাহতে ৮৫ গৰাকী কয়দীৰ দেহত এইচ আই ভি চিনাক্ত

নগাঁৱত ভয়ংকৰ হাৰত বৃদ্ধি এইডচ আই ভিত আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ এইডছৰ হটস্পটত পৰিণত হৈছে নগাঁৱৰ বিশেষ আৰু কেন্দ্ৰীয় কাৰাগাৰ। দুখন কাৰাগাৰৰ কয়দীৰ মাজত অতি ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজেটিভৰ সংখ্যা।

বিগত ছেপ্টেম্বৰ মাহত দুইখন কাৰাগাৰত সৰ্বমুঠ ৮৫ গৰাকী কয়দীৰ দেহত ধৰা পৰিছে এইচ আই ভি পজিটিভ। এইডছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা কয়দী সকলৰ ভিতৰত আছে নগাঁও বিশেষ কাৰাগাৰৰ ৪৫ জন আৰু নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ৪০ জন কয়দী।

আনহাতে অক্টোবৰ মাহত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পৰীক্ষাৰ সময়ত ৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এইচ আই ভি পজেটিভ।

উল্লেখ্য যে জিলাখনত যোৱা জানুৱাৰীৰ পৰা জুলাই মাহ পৰ্যন্ত মুঠ ৮৫ জন ব্যক্তিৰ দেহত ধৰা পৰিছিল এইচ আই ভি পজিটিভ। ইয়াৰে ৩০ গৰাকী কয়দী আছিল।

জানিব পৰা মতে এইচ আই ভি পজিটিভ ধৰা পৰা কয়দী সকলৰ অধিকাংশই ড্ৰাগছ আসক্ত আছিল। চিৰিঞ্জৰে ড্ৰাগছ ব্যৱহাৰ কৰাৰ ফলতেই এইচ আই ভি ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

You might also like