নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ উপস্থিতিত মনোনয়ন দাখিল ফণীধৰ তালুকদাৰৰ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ  ৰাজ্যখনৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ–নির্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে বাক্সা আৰু বজালী জিলাক সামৰি গঠিত ভৱানীপুৰ বিধানসভা সমষ্টিত নির্বাচনী গৰম বতাহ বলা পৰিলক্ষিত হৈছে৷

আজি ফণীধৰ তালুকদাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰঞ্জিত কুমাৰ দাস, বিটিআৰপ্রধান প্রমোদ বড়োৰ উপস্থিতিত মনোনোয়ন দাখিল কৰে৷

ইপিনে ভাৰতীয় জনতা পার্টীৰ নীতি–আদর্শৰ প্রতি আকৃষ্ট হৈ আজি ভৱানীপুৰ সমষ্টিত পাঁচ হাজাৰ লোকে দলটোত যোগদান কৰে৷

You might also like