নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ ছেপ্টেম্বৰৰ পৰা আন্দোলন অবড়ো সুৰক্ষাৰ

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ বাক্সা জিলাৰ বৰমাস্থিত অবডো সুৰক্ষা সমিতি, অসমৰ কার্যালয়ত আজি সংগঠনটোৱে এখন সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদ মেলত সংগঠনটোৱে বিটিআৰ চুক্তি ৰূপায়ণৰ পূর্বে অসম চৰকাৰে অবডো সুৰক্ষা সমিতিৰ সৈতে হোৱা আলোচনাত অবডোসকলৰ সমস্যা সমাধান কৰা তথা অবডো সংগঠনৰ সৈতে আলোচনা মর্মে বিটিআৰ চুক্তি ৰূপায়ণৰ প্রতিশ্রুতি সংগঠনটোক দিছিল বুলি প্রকাশ কৰে৷ কিন্তু অবডো সংগঠনৰ সৈতে একো আলোচনা নকৰাকৈ শেহতীয়াভাৱে ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পিছত বিটিআৰ চুক্তি ৰূপায়ণৰ তৎপৰতা চলোৱাত জাঙুৰ খাই উঠিছে অবডো সুৰক্ষা সমিতি৷ সেয়ে সংগঠনটোৱে বৰমাত সংগঠনটোৰ কার্যনির্বাহক সভা অনুষ্ঠিত কৰি সংবাদ মেলখনৰ জৰিয়তে বিটিআৰ চুক্তি ৰূপায়ণৰ পূর্বে অবডোসকলৰ সমস্যা সমাধান কৰাৰ দাবী জনাই এলানি আন্দোলনৰ কার্যসূচী গ্রহণ কৰে বুলি জানিবলৈ দিয়ে৷

সেই অনুসৰি, অহা ২৭ ছেপ্ঢেম্বৰত সজাগতা সভা, ৫ অক্টোবৰত জিলাই জিলাই অৱস্থান ধর্মঘট, ৯ অক্টোবৰত বিটিচি পৰিষদীয় সমষ্টিভিত্তিক বাইক ৰেলী, ১৩ অক্টোবৰত সমষ্টিভিত্তিক প্রতিবাদী সমদল, ২০ অক্টোবৰত দিছপুৰ চলো কার্যসূচী আৰু পৰৱর্তী পর্যায়ত প্রয়োজন হ’লে অনির্দিষ্টকালীন বিটিএডি বন্ধ ঘোষণাৰ হুংকাৰ দিয়ে৷ সংবাদ মেলৰ অন্তত সাংসদ নৱ কুমাৰ শৰণীয়া উপস্থিত হৈ বিটিএডি আর্মীৰ বিৰুদ্ধে উঠা অভিযোগ ভিত্তিহীন বুলি স্পষ্ট কৰি দি ধনঞ্জয় শৰণীয়াসহ দুষৃকতিকাৰীক গ্রেপ্তাৰৰ দাবী জনায়৷ ধনঞ্জয় শৰণীয়াই বিটিএডি আর্মীৰ হাতত অস্ত্র থকা বুলি উল্লেখ কৰা কথাটো মনেসজা বুলি জানিবলৈ দি বিটিএডি সেনাৰ কাম–কাজ সর্বসাধাৰণ লোকক সহায়ৰ বাবে আছিল বুলি দাবী কৰি সম্প্রতি সংগঠনটোৰ কাম–কাজ স্থবিৰ বুলি কয়৷ এই অভিযোগৰ ক্ষেত্রত তৃতীয় পক্ষ জডিত থকাৰ কথা ব্যক্ত কৰে৷ ধনঞ্জয় শৰণীয়াই হাগ্রামা মহিলাৰীৰ হোটেলৰ পৰা বিটিএডি আর্মীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা বুলিও কয় শৰণীয়াই৷ ধনঞ্জয় শৰণীয়াসহ এটা পিষ্টলধাৰী গ্রুপে বডো–বডোৰ সংঘাত সৃষ্টিত লাগি থকা বুলি জানিবলৈ দি তেওঁক শীঘ্রে গ্রেপ্তাৰৰ দাবী জনায়৷ তদুপৰি আলোচনাপন্থী আলফাৰ সম্পাদক অনুপ চেতিয়া আৰু ধনঞ্জয় শৰণীয়াৰ নিচিনা লোকৰ দালালি বিটিচিত চলিবলৈ দিয়া নহ’ব বুলিও সকীয়াই দিয়ে৷ সংবাদ মেলত অবডো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমৰম, সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী আৰু মুখপাত্র পংকজ দাস উপস্থিত থাকে৷

You might also like