নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি ডি ধনুকালৈ ‘ভিজনেৰী লীডাৰ ইন আছাম এণ্ড নর্থ–ইষ্ট’ বঁটা

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ দেশৰ আগশাৰীৰ টাইমছ গ্রুপে অসম তথা উত্তৰ–পূবৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰে টাইমছ ষ্টীলাৰ ব্রেণ্ড এণ্ড আইকন এৱার্ড৷ গুৱাহাটীৰ যুৱ ব্যৱসায়ী ঘনশ্যাম দাস ধনুকাই ‘ভিজনেৰী লীডাৰ ইন আছাম এণ্ড নর্থ–ইষ্ট এৱার্ড ২০২০’ৰ সন্মান বুটলিবলৈ সক্ষম হৈছে৷ গুৱাহাটীত জন্মগ্রহণ কৰি আশৈশৱ মনীষাৰে জিলিকি উঠা, বিশ্বজনীন চিন্তাৰে, স্থানীয় উৎকর্ষ–উন্নয়নৰ লক্ষ্যৰে ওৰেটো জীৱন আত্মোৎসর্গা মনোভাবেৰে কাম কৰি থকা এগৰাকী স্বপ্ণদ্রষ্টা ঘনশ্যাম দাস ধনুকা৷

উল্লেখ্য যে যুৱ ব্যৱসায়ী ধনুকাই আমেৰিকাৰ এলএছই আৰু এলইউএমএছ শিক্ষা প্রতিষ্ঠানত শিক্ষাগ্রহণ কৰিছে৷ একেদৰে তেওঁ বিভিন্ন এইচ বি এছ আৰু আই আই এমৰ সৈতে নেতৃত্বৰ কার্যসূচীত অংশ লোৱাৰ লগতে এল এল বি ডিগ্রী লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতবর্ষ সামাজিক আৰু অর্থনৈতিক দিশত আত্মনির্ভৰশীল হোৱাৰ লগতে বিশ্বস্তৰত চিন্তা কৰা আৰু স্থানীয় পর্যায়ত কাম কৰাই জি ডি ধনুকাৰ লক্ষ্য আৰু উদ্দেশ্য৷ ‘থিংক গ্ল’বেল এক্ট, ল’কেল আইডি’লজী’ ধাৰণা লৈ ধনুকাই আগবাঢ়ি গৈছে৷ তেওঁৰ পিতৃৰ সপোন পূৰণৰ বাবে সকলো কৰি গৈছে৷ পিতৃ অশোক কুমাৰ ধনুকা ফার্মাচিউটিকেল এণ্ড কছমেটিক (জিআৰডি ফার্মাচিউটিকেল), হস্পিটেলিটী, সেউজ শক্তি, ৰিয়েল ইষ্টেট আৰু খাদ্য উদ্যোগৰ সৈতেও জড়িত৷ মাৰোৱাৰী হাস্পতালত দানবীৰ সদস্য হিচাপে পৰিচিত হোৱাৰ লগতে গুৱাহাটীৰ গো–শালাৰ সৈতে ওতপ্রোতভাৱে জড়িত৷

একেদৰে শিক্ষাৰ পৰা বঞ্চিতসকলৰ মাজত শিক্ষাৰ পোহৰ বিয়পোৱাৰ লগতে যুৱতী তথা মহিলাসকলক স্বাৱলম্বিতাৰ বাট দেখুওৱাৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাই আহিছে৷ ঘনশ্যাম ধনুকাও সেই প্রতিষ্ঠানৰ প্রতিষ্ঠাপক সদস্য৷ এডভাণ্টেজ অসম, গ্ল’বেল উদ্যোগী সন্মিলনত ধনুকাই ফার্মাচিউটিকেল আৰু মেডিকেল ডিভাইচ ফ’ৰামৰ ওপৰত বত্তৃণতা দিয়াৰ বাবে আমন্ত্রণ লাভ কৰিছিল৷ অসম তথা উত্তৰ–পূবৰ বিভিন্ন ক্ষেত্রৰ সৈতে জড়িত যুৱ ব্যৱসায়ী ধনুকাক টাইমছ গ্রুপে নর্থ–ইষ্ট ভিজনেৰী লীডাৰ বঁটা প্রদান কৰাৰ বিষয়ে যুৱচামক ঔদ্যোগিকীকৰণৰ ক্ষেত্রখনত প্রেৰণা যোগাব বুলি আশা প্রকাশ কৰে৷

You might also like