নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ এবি ভি পিৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অসম সন্তান অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত আজি মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ সাব্যস্ত হয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্তলিকা দাহেৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ মাৰ্ঘেৰিটা শাখাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মহাৰাষ্ট্ৰ চৰকাৰ হায় হায়, ৰাহুল গান্ধী হায়, অৰ্ণৱ গোস্বামীক মুক্তি দিয়ক আদি শ্লোগানে পৰিৱেশ উত্তাল কৰি তোলা দেখা গ’ল।

You might also like