লাইকা-দধিয়াবাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপন দিয়াৰ চৰকাৰী সিদ্ধান্তক লৈ উত্তাল প্ৰতিবাদ
শ শ ৰাইজে মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ গেটত অৱৰোধ কৰিলে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ লাইকা-দধিয়াবাসীক মাৰ্ঘেৰিটা মহকুমাৰ পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপন দিয়াৰ চৰকাৰী সিদ্ধান্তক লৈ টিৰাপবাসী ৰাইজৰ তীব্ৰ বিৰোধিতাৰে আজি উত্তাল হৈ পৰিল লেখাপানী টিৰাপ গেট। শ শ ৰাইজে ওলাই আহি আজি টিৰাপ গেটত অৱৰোধ কৰিলে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
লাইকা-দধিয়া বাসীক পুনঃ সংস্থাপন দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ তত্বাৱধানত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়াৰ পাছতেই সমিতিখনে ইতিমধ্যে লাইকা দধিয়া বাসীক পাহাৰ পুৰ আৰু নামফাইত পুনঃ সংস্থাপন দিয়াৰ সংক্ৰান্তত চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰ পাছতেই উচ্চ স্তৰীয় সমিতিখনৰ উপ সমিতিখনে লাইকা দধিয়া বাসীক সংস্থাপনৰ বাবে আজি পাহাৰপুৰ আৰু নামফাইত ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ অহাৰ উমান পাই টিৰাপ মৌজাৰ সমূহ ৰাইজ তথা জাতি জনগোষ্ঠীয় দল সংগঠন সমূহ ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি পথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে। কেইবাঘণ্টাজুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত যাত্ৰীসকল যথেষ্ট আহুকলিয়া পৰিস্থিতিৰ সন্মুখীন হয়।
কোনোপধ্যে চৰকাৰৰ এই সিদ্ধান্তক মানি নলয় ৰাইজে আৰু প্ৰয়োজনত যিকোনো পৰিৱেশৰ সূচনা কৰিবলৈ ৰাইজ সাজু বুলি উল্লেখ কৰে আজিৰ প্ৰতিবাদী ৰাইজে । বিভিন্ন দল সংগঠনেও এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে। ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশ উপস্থিত হৈ ৰাইজৰ দাবীক চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদকাৰী সকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে । উল্লেখ যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত থকা আঠখন গাৱৰ সমষ্টি লাইকা-দধিয়া বনগাঁওবাসীয়ে যোৱা এটা মাহ ধৰি পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়াৰ লেজাইহোলা আশ্ৰয় শিৱিৰত একেলগে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ এক নিৰ্ভৰযোগ্য সুত্ৰৰ পৰা জানিব পৰা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানত থকা দুয়োখন বনগাঁওবাসীক পৃথকে পৃথকে পুনৰসংস্থাপন কৰাৰ যাৱতীয় সকলো ব্যৱস্থা কৰাৰ পৰিকল্পনা ইতিমধ্যে সম্পন্ন কৰা হৈছে ৷
তিনিচুকীয়া জিলাৰ অধীনত থকা লাইকাবাসীক জিলাখনৰ দুটা পৃথক অঞ্চলত সংস্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে উচ্চস্তৰীয় কমিটিয়ে । আনহাতে ডিব্ৰুগড় জিলাৰ অধীনৰ দধিয়াবাসীৰ বাবেও অনুৰূপ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ কাৰণ হ’ল লাইকা বনগাঁও তিনিচুকীয়া জিলাত পৰে আৰু দধিয়া ডিব্ৰুগড় জিলাত । সূত্ৰটোৰ মতে তিনিচুকীয়া জিলা প্ৰশাসন, তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডল আৰু ডিগবৈ বন সংমণ্ডলৰ লগতে পুনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে লাইকাবাসীক সংস্থাপন দিবলৈ লাইকাৰ ৫৪০ টা পৰিয়ালক দুটা ভাগত বিভক্ত কৰি ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ পাহাৰপুৰ আৰু নামফাই বনাঞ্চলৰ পতিত ভূমিত সংস্থাপন দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । ইয়াৰে পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলত ৩৭৯ টা আৰু নামফাই সংৰক্ষিত বনাঞ্চলত ১৬৪ টা পৰিয়ালক সংস্থাপন দিয়া হ’ব । পাহাৰপুৰত ৩৭৯ পৰিয়ালৰ বিপৰীতে ১৬৬ হেক্টৰ আৰু নামফাইত ১৬৪ টা পৰিয়ালৰ বিপৰীতে ৭২ হেক্টৰ ভূমি আবন্টন দিয়া হ’ব ।
পুনৰ সংস্থাপন কৰা লাইকাবাসীৰ বাবে উক্ত স্থানত প্ৰধানমন্ত্ৰী আৱাস গৃহ, বিদ্যুৎ সংযোগ, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, স্বাস্থ্য, শিক্ষা, বাট-পথ নিৰ্মাণৰ আঁচনি প্ৰস্তুত কৰি ইতিমধ্যে ধন আৱন্টনৰ ব্যৱস্থাও কৰা হৈছে । জানিব পৰা অনুসৰি এপিডিচিএলে বিদ্যুৎ সংযোগৰ বাবে পাহাৰপুৰত ১•৩৬ কোটি আৰু নামফাইত ১৩•০৬৯ কোটি টকা ব্যয় ধাৰ্য কৰিছে । তিনিচুকীয়া জিলা পৰিষদে মুঠ ২৩•১৬১ কিল’মিটাৰ পথ নিৰ্মাণৰ বাজেট ধাৰ্য কৰিছে । সেইদৰে কৃষি কৰ্মৰ বাবে তিনিচুকীয়া জিলা কৃষি বিভাগে বীজৰ ব্যৱস্থা, জনস্বাস্থ্য কাৰিকৰী বিভাগে অনাময় আৰু ঘৰ ঘৰ কি নল, ঘৰ ঘৰ মে জল আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা গ্ৰহণৰ আঁচনি প্ৰস্তুত আৰু বাজেট নিৰ্ধাৰণ কৰিছে । ইয়াৰ বাবে বিভাগটোৱে নামফাইৰ বাবে ১৯৪•২৪ লাখ আৰু পাহাৰপুৰৰ বাবে ২৯৭•৩ লাখ টকা আনুমানিক বাজেট প্ৰস্তুত কৰিছে । শিক্ষা গ্ৰহণৰ হেতু জাগুনৰ এখন হাইস্কুল আৰু নিকটৱৰ্তী তিনিখন এল পি স্কুলতে লাইকাৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিব বুলিও সুত্ৰটোৱে জানিবলৈ দিয়ে ৷ সেইমৰ্মে উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন যুগুত কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে । পৰৱৰ্তী সময়ত বিত্ত বিভাগৰ অনুমোদন, বেদখল মুক্ত কৰা আদি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি পুনৰ সংস্থাপন প্ৰক্ৰিয়া আগবাঢ়িব ৷
উল্লেখযোগ্য যে, প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত যি দুগৰাকী লোক ক্ৰমে ৰেৱতী পাও আৰু কুস্মিতা মৰাঙৰ মৃত্যুৰ বিপৰীতে মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিৰ প্ৰতিটো পৰিয়ালক এক লাখকৈ অৰ্থসাহাৰ্য আগবঢ়াইছে বুলি সূত্ৰটোৱে কয় । লেজাইহোলাৰ চৰকাৰী ভূমিত প্ৰতিবাদ জনাই শিৱিৰ পাতি থকা ৰাইজক ইতিমধ্যে চাউল ৩৫০০ কেজি, দাইল ৫০০ কেজি, মিঠাতেল ১৫০ কেজি, নিমখ ৫০ কেজি, আলু ১ কুইন্টল, চিৰা ১০০ কেজি, গুৰ ৫০ কেজি, কম্বল ২০০ খন, শাক-পাচলি আদি জিলা প্ৰশাসনৰ ফালৰ পৰা আগবঢ়োৱা হৈছে । ইয়াৰোপৰি শিৱিৰবাসীৰ সুবিধাৰ্থে চ’লাৰ লাইট, ১৫ টা শৌচাগাৰ, ১৫ টা দমকল, চিকিৎসা সেৱা, এম্বোলেঞ্চ সেৱা আদি পৰ্যাপ্ত ৰূপত কাৰ্যক্ষম হৈ আছে ৷ ইফালে পাহাৰপুৰ এলেকাৰ প্ৰায় এহেজাৰ বিঘা মাটি মাৰ্ঘেৰিটাৰ বিৰ্তকিত ব্যৱসায়ী জুৱেল আলি নামৰ এজন পূঁজিপতি বণিয়াইৰ লগতে বহু বেদখলকাৰীয়ে উক্ত অঞ্চলত বেদখল কৰি চাহ বাগান স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি জুৱেল আলি আৰু একাংশই নিজৰ চাহ বাগান ৰক্ষা কৰিবলৈ ইতিমধ্যে বিভিন্ন পক্ষক উচতনি দিয়া আৰম্ভ কৰিছে, যাতে পাহাৰপুৰত লাইকাবাসীৰ সংস্থাপনত বাধা আহি পৰে বুলি সূত্ৰৰ প্ৰকাশ ৷ পুনৰ সংস্থাপনৰ দাবীৰে বিগত ২১ বছৰে আন্দোলন অব্যাহত ৰখা লাইকা-দধিয়াবাসীৰ সংস্থাপন সঁচা অৰ্থত হোৱাটোকে সকলোৱে কামনা কৰিছে যদিও পাহাৰপুৰ বাসীৰ বা উক্ত অঞ্চলত বসবাস কৰা লোক সকলৰ দাবীৰ প্ৰতিও পৰ্য্যালোচনা কৰিবলৈ দাবী উত্থাপন হৈছে যাতে কোনো পক্ষৰ মাজতেই সংঘাত সৃষ্টি নহয় । এই সমস্যা শান্তিপূৰ্ণভাৱে সমাধান হোৱাৰো কামনা কৰিছে সচেতন ৰাইজে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে যিহেতু এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰি এক দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে গতি কৰিছে তেনেস্থলত লাইকা-দধিয়াবাসীয়ে ভৱিষ্যতে যাতে কোনোধৰণৰ সংকটৰ সন্মুখীন নহয় সেইয়া গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও বিভিন্ন পক্ষই মতপোষণ কৰিছে । অতি সস্পকাতৰ বিষয়টো যাতে সমিল মিলেৰে সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।