নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত ৩ আলফা (স্বাঃ) কেডাৰ আটক

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত তিনি আলফা কেডাৰ আটক কৰাৰ বাতৰি আজি পোৱা গৈছে। টিৰাপ জিলাৰ নগলুত অভিযান চলাই সেনাই আটক কৰিছে তিনিগৰাকী কেডাৰক।

আটকাধীন সদস্য কেইজন হ’ল ক্ৰমে মিলন বৰুৱা ওৰফে নিজান অসম, স্বয়ম্ভূ মেজৰ জিন্টু অসম ওৰফে বিকেশ্বৰ মৰাণ আৰু গৌৰৱ অসম ওৰফে ৰাজীৱ গগৈ।

তিনিওকে আসাম ৰাইফলছে ভাৰত-ম্যানমাৰ সীমান্ত অতিক্ৰম কৰিব লওতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ কৰিছে। তেওঁলোকৰ পৰা .৩২ পিষ্টল তিনিটা আৰু কেইবাজাই গুলি উদ্ধাৰ কৰিছে সেনাই ।

উল্লেখ্য যে ধৃত সদস্য কেইজনৰ ঘৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত।

You might also like