নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ বাতিলৰ দাবীত গোলাঘাটত বিক্ষোভ

নিয়মীয়া বাৰ্ত ১১ ডিচেম্বৰঃ নাগৰিক আইন ( সংশোধনী) বাতিলৰ দাবীত আজি পুৱাৰে পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।

বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চলটিৰ আকাশ বতাহ। অতি শীঘ্ৰে যদি চৰকাৰে সংগঠনটোৰ দাবী সমুহ মানি নলয় তেন্তে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ নেতা সকলে ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জিতুল ৰাজখোৱা, প্ৰচাৰ সম্পাদক ৰিণ্টু দত্ত, জিলা সমিতিৰ সভাপতি আব্দুল হাছিম, সম্পাদক নিকুঞ্জ মেধি আদিকে ধৰি সংগঠনটোৰ শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

You might also like