ভাৰপ্রাপ্ত ২ মুখ্য অভিযন্তা ৫ অতিৰিক্ত মুখ্য অভিযন্তা, ৮ অধীক্ষক অভিযন্তাৰে চলিছে ‘জনস্বাস্থ্য’
নিয়মীয়া বাৰ্তা, ৬ মে’ : ভাৰপ্রাপ্ত বিষয়াৰে চলি আছে জনস্বাস্থ্য কাৰিকৰী বিভাগ৷ বিভাগটোৰ শীর্ষ পর্যায়ৰ পৰা নিম্ন পর্যায়লৈ এতিয়া ভাৰপ্রাপ্ত বিষয়াৰ দপ্দপনি৷ এনে ভাৰপ্রাপ্ত বিষয়াৰ বাবেই অচলাৱস্থা সৃষ্টি হৈছে বিভাগটোত৷ ব্যৱহাৰ নোহোৱাকৈ পৰি আছে বাজেট আবণ্টিত আৰু কেন্দ্রীয় আঁচনিৰ কোটি কোটি টকা৷ জানিব পৰা মতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুয়োজন মুখ্য অভিযন্তাই ভাৰপ্রাপ্ত বিষয়া৷
আনহাতে, অতিৰিক্ত মুখ্য অভিযন্তাৰ ১১টা পদৰ বিপৰীতে ৫টা পদতেই আছে ভাৰপ্রাপ্ত বিষয়া৷ বিভাগটোৰ ৰাজ্যৰ বিভিন্ন সংমণ্ডলত থকা ১৭জন অধীক্ষক অভিযন্তাৰ পদৰ বিপৰীতে ৮টা পদ চলি আছে ভাৰপ্রাপ্ত বিষয়াৰ জৰিয়তে৷ একেদৰে বিভাগটোৰ ৬২জন কার্যবাহী অভিযন্তাৰ পদৰ বিপৰীতে ১৭টা পদত আছে ভাৰপ্রাপ্ত বিষয়া৷ ইয়াৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগত খালী হৈ আছে বৃহৎসংখ্যক পদ৷ সহকাৰী অভিযন্তাৰ ১৯২টা পদৰ ১০৮টা পদেই বর্তমান খালী হৈ আছে৷ একেদৰে সহকাৰী অভিযন্তাৰ ২৬৫টা পদৰ বিপৰীতে খালী হৈ আছে ১৫০টা পদ৷ জনস্বাস্থ্য কাৰিকৰীৰ দৰে ৰাজ্যৰ গুৰুত্বপূর্ণ বিভাগ এনেদৰে বিষয়াবিহীনভাৱে চলি থকা বিষয়টোৱে বিশুদ্ধ পানী যোগানৰ চৰকাৰী ঘোষণা অর্থহীন কৰি তুলিছে৷
অৱশ্যে এইক্ষেত্রত বিভাগটোত যে বিষয়াৰ অভাৱত ভাৰপ্রাপ্ত বিষয়াৰে কাম চলি আছে, সেয়াও সত্য নহয়৷ একমাত্র সময় অনুসৰি বিষয়াৰ পদোন্নতি গাপ দি ৰখা তথা ইয়াৰ প্রতি বিভাগীয় মন্ত্রীয়ে প্রদর্শন কৰা অনিহাৰ বাবেই ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দেউলীয়া অৱস্থা এটাৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, কার্যবাহী অভিযন্তাৰ বাবে ৩৫জন বিষয়াৰ তালিকা প্রস্তুত হৈ আছে যদিও এইপর্যন্ত এনে পদোন্নতিৰ ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই বিভাগটোৱে৷ ফলস্বৰূপে ৰাজ্যবাসী বঞ্চিত হৈ আহিছে বিশুদ্ধ খোৱাপানীৰ পৰা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দ্বিতীয়টো কার্যকালৰ আৰম্ভণিতে প্রধানমন্ত্রীয়ে ২০২৪ চনৰ ভিতৰত ‘হৰ ঘৰ জল’ শ্লোগানেৰে জলজীৱন মিছন আৰম্ভ কৰিছিল৷ এই ধ্বজাবাহী আঁচনিৰ জৰিয়তে মোদী চৰকাৰে দেশৰ প্রতিটো পৰিয়ালে যাতে বিশুদ্ধ খোৱাপানী লাভ কৰে, তাক নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰিছিল৷ জলজীৱন মিছনৰ অধীনত যোৱা বিত্তীয় বর্ষতে অসমলৈ প্রায় ৬০০ কোটি টকা আবণ্টন হৈছিল যদিও এইপর্যন্ত এই ধ্বজাবাহী আঁচনিৰ ৩১৮ কোটি টকা অব্যৱহূত হৈ ৰৈছে৷ এতিয়া ক’ৰোনা মহামাৰীৰ পাছত দেশত সৃষ্টি হোৱা বিত্তীয় নাটনিৰ ফলত এই সমূদায় ধন কেন্দ্রলৈ উভতি যোৱাৰ সম্ভাৱনা প্রবল৷ অথচ অসমৰ গৰিষ্ঠসংখ্যক জিলাৰ লোকেই বঞ্চিত হৈ আছে বিশুদ্ধ খোৱাপানীৰ পৰা৷
আন কথা বাদেই, বিভাগীয় মন্ত্রী ৰিহণ দৈমাৰীৰ গৃহ সমষ্টি ওদালগুৰিৰ ভাৰত–ভূটান সীমান্তৰ বৃহত্তৰ অঞ্চলত খোৱাপানীৰ সমস্যাটো বৃহৎ সমস্যা হিচাপে দীর্ঘদিন ধৰি পৰিগণিত হৈ আছে৷ তাৰ পাছতো এই লোকসকলক জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত কৰি ৰাখিছে মন্ত্রী দৈমাৰীয়ে৷ অভিযোগ অনুসৰি একাংশ ভাৰপ্রাপ্ত বিষয়াৰ জৰিয়তে একমাত্র কমিছনৰ অংকতে মন্ত্রীয়ে বিভাগীয় আঁচনিসমূহ ৰূপায়ণ কৰি আহিছে৷ এইক্ষেত্রত ডিব্রুগড়, হোজাই আদি জিলাৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্রত গুৰুতৰ বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আঁচনি ৰূপায়ণৰ নামত এনে একাংশ অনুগত বিষয়াৰ জৰিয়তে বৃহৎ পৰিমাণৰ কমিছন সংগ্রহ হয় বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভিতৰচ’ৰাত ব্যাপক চর্চা অব্যাহত আছে৷ এনে কাৰণতে এতিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ নতুন আঁচনি বন্ধ কৰি দিছে বিশ্ববেংকে৷
ফলস্বৰূপে বিগত সময়ত বিশ্ববেংকে আঁচনি ৰূপায়ণৰ নামত যি বৃহৎ পৰিমাণৰ পুঁজি বিভাগটোলৈ যোগান ধৰিছিল, সেই পুঁজিৰ ঋণ জনসাধাৰণে বিশুদ্ধ খোৱাপানী নোপোৱাকৈয়ে আদায় দিব লাগিব৷ বিভাগত দায়িত্বপ্রাপ্ত বিষয়াৰ অভাৱৰ বাবেই কাৰিকৰী কাৰণত বিশ্ববেংকৰ পুঁজি বন্ধ কৰি দিছে আন্তর্জাতিক সংস্থাটোৱে৷ অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনে দেউলীয়া ব্যৱস্থাপনাৰ বাবেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘হৰ ঘৰ জল’ শ্লোগান অন্তঃসাৰশূন্য শ্লোগানলৈ ৰূপান্তৰিত হৈছে৷ বিফল হৈছে প্রধানমন্ত্রীৰ জলজীৱন মিছন৷