নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন অভিলেখ: দেশত এদিনতে ১৯৫ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ মে’ :  দেশত তৃতীয় পর্যায়ৰ লকডাউনৰ আৰম্ভণিতে ক’ভিড–১৯ৰ সংক্রমণ উদ্বেগজনকভাৱে বৃদ্ধি পালে৷ আক্রান্ত আৰু মৃতকৰ সংখ্যাই গঢ়িলে নতুন অভিলেখ গঢ়িলে৷ যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,৯০০ জন লোক নতুনকৈ এই প্রাণঘাতী মহামাৰীত আক্রান্ত হোৱাৰ লগতে ১৯৫জন লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনে কয়– ‘যোৱা ২৪ ঘণ্টাত ৩,৯০০ পজিটিভ ক’ভিড–১৯ টেষ্ট আৰু ১৯৫ টা মৃত্যুৰ ঘটনাই দেশত অবাঞ্ছিত অভিলেখ গঢ়িলে৷’

স্বাস্থ্য মন্ত্রালয়ৰ শেহতীয়া তথ্য অনুসৰি বুধবাৰলৈকে ১২,৭২৭জন ক’ৰোনা ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ দেশত এতিয়ালৈকে ৪৯,৩৬৮জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১,৬৯৩ লোকৰ৷ এদিনতে আক্রান্ত হ’ল ২৯৩৪জনৰ আৰু মৃত্যুমুখত পৰিছে ১২৭জন লোক৷ আক্রান্তৰ সংখ্যাৰ শীর্ষত থকা ৰাজ্য দুখন হ’ল মহাৰাষ্ট্র আৰু গুজৰাট৷ মহাৰাষ্ট্রত ১৫,৫২৫জন লোক সংক্রমিত হোৱাৰ বিপৰীতে প্রাণ গৈছে ৬১৭জনৰ৷ এদিনতে আক্রান্ত হৈছে ৯৮৪জন৷ দ্বিতীয় স্থানত থকা গুজৰাটত সংক্রমণৰ সংখ্যা হ’ল ৬,২৪৫জন আৰু মৃতকৰ সংখ্যা ৩৬৮জন৷ মৃতকৰ সংখ্যাৰে (১৭৬জন) দ্বিতীয় স্থানত আছে মধ্যপ্রদেশ৷

ইফালে, শেহতীয়াকৈ পশ্চিমবংগত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা৷ আক্রান্তৰ সংখ্যাৰে ৰাজ্যখনত দশম স্থানত আছে যদিও মৃতকৰ সংখ্যাৰে চতুর্থ স্থান পাইছেগৈ ৰাজ্যখন৷ পশ্চিমবংগত ১,৩৪৪জন লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ১৪০জনে৷ কেন্দ্রৰ পৰা অহা এটা পর্যবেক্ষকৰ দলে কালি প্রতিবেদনত উল্লেখ কৰিছিল যে ৰাজ্যখনত সংক্রমিত লোকক চিনাক্ত কৰাত বিফলতা আৰু ক’ৰোনা টেষ্ট কম হোৱা বাবে দেশৰ ভিতৰতে মৃত্যুৰ হাৰ সর্বাধিক হৈছে৷

ইফালে, দিল্লীত ৫,১০৪জন, তামিলনাডুত ৪,০৫৮জন, ৰাজস্থানত ৩,১৫৮জন, মধ্যপ্রদেশত ৩,০৪৯জন লোক আক্রান্ত হৈছে৷ তদুপৰি উত্তৰ প্রদেশত ২,৮৮০জন, অন্ধ্রপ্রদেশত ১,৭১৭জন, পঞ্জাবত ১,৪৫১জন, তেলেংগানাত ১,০৮৫জন, জম্মু–কাশ্মীৰত ৭৪১জন, কর্ণাটকত ৬৭৩জন লোক আক্রান্ত হৈছে৷ উল্লেখ্য যে তেলেংগানাৰ চৰকাৰে আজি ৰাজ্যখনত ২৯ মে’লৈকে লকডাউন বৃদ্ধি কৰিছে৷

You might also like