বগীনদীৰ পঞ্জাৱ নেশ্যনেল বেংকত গ্ৰাহকৰ জমা ধন হৰলুকিঃ গোচৰ ৰুজু
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : বেংকত জমা কৰা গ্ৰাহকৰ ধন হৰলুকিৰ এক ঘটনা সংঘটিত হৈছে বগীনদীত। বগীনদীৰ দৈনিক বজাৰ স্থিত পঞ্জাৱ নেশ্যনেল বেংকৰ শাখাত জমা ৰখা ধন বেংক কৰ্মচাৰীৰে মিলি কৌশলেৰে এজন চি এছ পিৰ পৰিচালকে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ তুলিছে বেংকখনৰ এগৰাকী গ্ৰাহকে। এই সন্দৰ্ভত বগীনদী আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছে গ্ৰাহকজনে।
জানিব পৰা মতে বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত টাকু গাঁওৰ নাৰায়ণ দাপাকৰ পুত্ৰ ইলাধৰ দাপাকে, পঞ্জাৱ নেশ্যনেল বেংকৰ টাকু তিনিআলিৰ চি এছ, পি কেন্দ্ৰত থকা 0630010244213 একাউণ্ট নম্বৰত যোৱা ২৭ মে তাৰিখে বগীনদীৰ শাখা বেংকত নগদ দহ হেজাৰ টকা জমা কৰিছিল। কিন্তু বেংকত ধন জমা কৰাৰ দুদিন পিছতো গ্ৰাহকজনে ধন জমা হোৱা মেছেজ নোপোৱাত, বিষয়টো বেংক পৰিচালকক অৱগত কৰোৱাত, পৰিচালকে গাণণিকক গৈ কোৱাতহে, গাণণিকজনে গ্ৰাহকৰ একাউণ্টত উক্ত ধনখিনি জমা কৰি দিয়ে। কিন্তু ইয়াৰ এমাহৰ পিছত নিজৰ জমা ধন উলিয়াবলৈ বেংকলৈ যোৱা গ্ৰাহকজনক বেংক কৰ্তৃপক্ষই একাউণ্ট বন্ধ হোৱা বুলি ঘুৰাই পঠিয়াই দিয়ে।
ইয়াৰ পিছতে গ্ৰাহকজনে নিজৰ জমা ধন উলিয়াবলৈ নিজৰ একাউণ্ট থকা চি এছ পিৰ পৰিচালকৰ সৈতে যোগাযোগ কৰাত, মহেশ্বৰ পামে নামৰ চি এছ পিৰ পৰিচালকজনে গ্ৰাহকজনক কৌশলেৰে এখন উইড্ৰেল ফৰ্মত চহী কৰাই লৈ, বেংকৰ জমা টকা উলিয়াই আত্মসাৎ কৰে। এই বিষয়ে জানিব পাৰি গ্ৰাহকজনে চি এছ পিৰ পৰিচালকজনৰ পৰা টকাখিনি ঘূৰাই বিছৰাত প্ৰৱঞ্চক মহেশ্বৰে গ্ৰাহকজনক টকা পোন্ধৰ শ দি মনে মনে থাকিবলৈ ভয় ভাবুকি দিয়ে। শেষত উপায়ন্তৰ হৈ দুৰ্ভগীয়া গ্ৰাহকজনে নিজৰ কষ্টোপাৰ্জিত ধন উভতাই পাবলৈ সংবাদমাধ্যমৰ লগতে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈ পৰে।
input: ভূবন গৌতম