নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও মণ্ডলৰ প্ৰশিক্ষণ শিবিৰত সাংসদ কুইন ওজা

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও মণ্ডলৰ উদ্যোগত ছয়গাঁৱৰ ধোৱাৰগাঁৱস্থিত শ্ৰীকৃষ্ণ দৌল আৰু সাংস্কৃতিক প্ৰকল্পত দুদিনীয়াকৈ আজিৰে পৰা মণ্ডল প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাৰ পৰা ৯.৩০ বজালৈ পঞ্জীয়ন কৰাৰ লগতে ৯.৩০ বজাৰ পৰা ১০ বজালৈ বন্তি প্ৰজ্বলন, মাতৃ বন্দনা, সম্বৰ্ধনা, বৰ্গ গীত, আদৰণী ভাষণ।

ভাষণ ৰাখে বিজেপি নেতা নিংকু হুজুৰীয়ে । পুৱা ১০ বজাৰ পৰা ১০.৪৫ বজালৈ আমাৰ বিচাৰ পৰিবাৰৰ সমল ব্যক্তি হিচাপে উপস্হিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ মেধি। পুৱা ১১ বজাৰ পৰা ‍১১.৪৫ বজালৈ ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ দায়িত্ব শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ।

উল্লেখ্য যে আজি ছয়গাঁও মণ্ডলৰ প্ৰশিক্ষণ শিবিৰত দিনৰ প্ৰায় ১ বজাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্থিত হয়। সাংসদগৰাকী উপস্থিত হোৱাৰ লগে লগে ছয়গাঁও মণ্ডলৰ সভাপতি প্ৰফুল্ল মেধিয়ে উস্ম আদৰণি জনায়। সাংসদগৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি কোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে দুখীয়া জনসাধাৰণৰ বাবে লোৱা জনকল্যাণমূলক আঁচনিৰ ওপৰত ভাষণ আগবঢ়ায়।

প্ৰশিক্ষণ শিবিৰত উপস্হিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিতেশ কলিতাই ভাষণত হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে কিদৰে দলটো শক্তিশালী কৰিব পাৰি সেই বিষয়ে মন্তব্য আগবঢ়োৱাৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত ভাষণ ৰাখে। উল্লেখ্য যে আজি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক যুৱ মৰ্চাৰ উপ-সভাপতি হিমাংশু শেখৰ বৈশ্যৰ উপৰি বিজেপিৰ কেইবাজনো নেতা উপস্হিত থাকে।

You might also like