ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত সুধাকণ্ঠক সুঁৱৰি ‘ভূপেনদা সোঁৱৰণ’ অনুষ্ঠান
নিয়মীয়া বার্তা, ৮ ছেপ্টেম্বৰ : হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ইতিহাস বিভাগে কালি দিনজোৰা কাৰ্যসূচীৰে সুকীয়া সুকীয়াকৈ ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিনটি পালন কৰে। অসমীয়া বিভাগৰ স্নাতক শ্ৰেণীকক্ষত দিনৰ এঘাৰ বজাৰ পৰা গীত-মাত-কবিতাৰে ৰূপায়ণ কৰা ‘ভূপেনদা সোঁৱৰণ’ মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠানটি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক অমৰ গৌতমে। বিভাগৰ মুৰব্বী অধ্যাপিকা সভাপতিত্ব কৰা অনুষ্ঠানটি স্নাতক তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ বিশাল বিশ্বাসে সুধাকণ্ঠৰ ‘বুকু হম্ হম্ কৰে’ শীৰ্ষক গীতত বাঁহী বাদনেৰে শুভাৰম্ভ হয়। সহকাৰী অধ্যাপক দেৱৰাজ মিলিয়ে আঁতধৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান ডঃ কেৰ’লিন বসুমতাই বক্তা হিচাপে উপস্থিত থাকি বক্তব্যৰে ছাত্র-ছাত্ৰীসকলক উদ্বুদ্ধ কৰে। অনুষ্ঠানত বিভাগৰ ছাত্র অংকুৰজ্যোতি বৰা আৰু ছুফিয়ান আহমেদে সুধাকণ্ঠৰ জীৱন আৰু কৃতি বিষয়ত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। গীত-নৃত্য-কথাৰে মুখৰিত অনুষ্ঠানটিত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে শৈক্ষিক পঞ্জীয়ক অমৰ গৌতম, ডঃ কেৰ’লিন বসুমতা, বিভাগৰ শিক্ষক সনাতন মাৰাক, মৃণালিনী বৰদলৈ আৰু ২০২১-২০২২ বৰ্ষৰ বিশ্ববিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী তথা বিভাগৰ ছাত্ৰী শ্ৰুতি ঘোষ, হৰিপ্ৰিয়া তালুকদাৰ, এবাদুল আহমেদ, ছাজিয়া বেগম, বৰ্ষাৰাণী দাৰফাং, জুমন শইকীয়া, প্ৰতীক্ষা দাস, জুৰি ভূঞা, হৰিপ্ৰিয়া নাথ, বিজয়, ফকৰুল, বাপ্পি, মায়াৰাণী, মাৰ্জিনা, লিলিমা আদিয়ে। সুধাকণ্ঠৰ গীতত নৃত্য পৰিৱেশন কৰে ছাত্ৰী শিখামণি শইকীয়া আৰু প্ৰাৰ্থনা তালুকদাৰে। অনুষ্ঠানৰ শেহত সভাপতি তথা বিভাগীয় প্ৰধানে ছাত্র-ছাত্ৰীসকলক ভূপেনদাৰ আদৰ্শৰে সমন্বয়ৰ মন্ত্ৰেৰে উদ্বুদ্ধ হৈ তেওঁৰ চিন্তা আৰু চেতনাক উঠি অহা প্ৰজন্মৰ বুকুৱে বুকুৱে প্ৰসাৰিত কৰিবলৈ আহ্বান জনায় আৰু লগতে এই বৰ্ষৰ পৰা বিভাগৰ স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ চূড়ান্ত ফলাফলত শ্ৰেষ্ঠ হোৱা দুগৰাকী শিক্ষাৰ্থীক বিভাগৰ ফালৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হব বুলি ঘোষণা কৰে।ইফালে আজি বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগদ্বাৰা পৃথকে গীত-মাতেৰে ‘গীতৰ দিন’ হিচাপে সুধাকন্ঠৰ ওপজা দিনটো উদযাপন কৰা হয়। বিভাগীয় প্ৰধান ড° পল্লৱীতা দাসে সভাপতিত্ব কৰা অনুষ্ঠানটি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ হয়। বিভাগীয় শিক্ষক গৌতম শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন পঞ্জীয়ক লক্ষ্মণ পাটগিৰিয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বিষয়ে এটি মনোগ্ৰাহী বক্তব্য আগবঢ়ায়। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টিত প্ৰতিধ্বনিত হোৱা মানৱতাবাদ, সৰ্বহাৰাৰ মুক্তি আৰু আমি কেনেকৈ ভূপেনদা আৰু তেওঁৰ সৃষ্টিক মনত ৰাখিম সেই সম্পৰ্কে তেখেতে বিস্তৃত আলোকপাত কৰে। অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসমৰ যুৱ কবি তথা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক দেৱৰাজ মিলিয়ে সাম্প্ৰতিক সময়ত ভূপেন হাজৰিকাৰ চিন্তা আৰু দৰ্শনৰ প্ৰাসংগিকতা বিষয়ক এটি মননশীল বক্তৃতা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি আগবঢ়ায়। চমু ভাষণত তেখেতে ভূপেন হাজৰিকাৰ জীৱন-কৰ্ম আৰু বিশাল ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰি কয় যে এনে এগৰাকী বিশ্ববন্দিত ব্যক্তিৰ ভৰি দুখন সদায় মাটিৰ লগত সংপৃক্ত আছিল। মিলিয়ে নতুন প্ৰজন্মক ভূপেনদাৰ ‘সংগ্ৰাম আন এটি নাম জীৱনৰে’ এই বাণীটি সাৰোগত কৰি জীৱন বাটত আগবাঢ়ি যাবলৈ আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ভূপেনদাৰ চিন্তা আৰু কৰ্মক সম্প্ৰসাৰিত কৰি এটা সোণালী সাঁকোৰ দৰে কাম কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানটিত উদ্বোধক তথা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° অমৰ গৌতমে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়। ভূপেনদাৰ অমৰ সৃষ্টিক সুঁৱৰি বিশ্ববিদ্যালয়খনৰ অধ্যাপক আৰু অধ্যাপিকা ক্ৰমে অৰ্থনীতি বিভাগৰ ডঃ বৰ্ণালী হাজৰিকা, ইতিহাস বিভাগৰ জোনালী দাস, প্ৰাণী বিজ্ঞান বিভাগৰ ডঃ কেৰ’লিন বসুমতা আৰু চানিলাল শৰ্মা, ইংৰাজী বিভাগৰ আশিৰ্বাণী কৰে শিল্পীজনাৰ গীত পৰিৱেশন কৰে। ইয়াৰ লগতে ইতিহাস বিভাগৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে দিব্যাণী বৰা, প্ৰকাশ টেৰণ, ৰেখা ফাংচপীয়ে ভূপেন দাৰ গীত আৰু উদীয়মান আবৃত্তিকাৰ কস্তুৰীমা দাসে এটি কবিতা আবৃত্তি কৰি শিল্পীজনাক স্মৰণ কৰে। সভাৰ শেহত বিভাগীয় প্ৰধান ডঃ পল্লৱীতা দাসে ভূপেনদাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ উঠি অহা প্ৰজন্মই কাম কৰি গ’লেহে ভূপেনদাই সপোন দেখা সমন্বয়ৰ অসম এখন গঢ়ি তুলিব পাৰিম বুলি আশা প্ৰকাশ কৰে লগতে ভূপেনদাৰ দ্বাৰা ৰচিত এটি কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে। অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী ডঃ মল্লিকা ডেকাও উপস্থিত থকা সভাখনি সাফল্যমণ্ডিত কৰাত ইতিহাস বিভাগৰ শিক্ষক ওমকাৰ দেৱ শৰ্মা আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয় সহযোগিতা আগবঢ়ায়।
প্ৰেৰক কিশলয় ডি গোস্বামী