নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিগ্রহণ কৰা বাছৰ কৰ সংগ্রহক লৈ উত্তেজনা

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ ৰহাৰ টোলগেটত বুধবাৰে দুপৰীয়া সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ৷ টোলগেট কর্তৃপক্ষ আৰু বাছ চালকৰ মাজত ‘টোল টেক্স’ক লৈ হোৱা এক সংঘাতে বহু সময় ধৰি পৰিৱেশ উত্তপ্ত কৰি ৰাখে৷ কেইবাশ যান–বাহন বহু সময় ধৰি আবদ্ধ হৈ পৰে৷ উল্লেখ্য যে বিজেপিৰ এখন সভালৈ মানুহ আনিবৰ বাবে গুৱাহাটীৰ পৰাও অধিগ্রহণ কৰা হৈছে বহু গাড়ী৷ সেইমতে বুধবাৰে অধিগ্রহণ কৰা গাডীসমূহ নগাঁৱলৈ বুলি ৰাওনা হয়৷ পিছে কেণা লাগিল ৰহাৰ টোলগেটত৷ বাছসমূহ ৰহা টোলগেটত প্রৱেশ কৰা সময়তে টোলগেটত কর্তৃপক্ষই প্রতিখন গাড়ীৰ পৰা তিনিশ টকাকৈ কৰ বিচাৰে৷ কিন্তু টোলগেটত ধন দিবলৈ অমান্তি হয়৷ চালকসকলৰ মতে বিজেপি সভাৰ বাবে অহা বাছৰৰ পৰা যিদৰে সোণাপুৰৰ নাজিৰাখাটত টোল কৰ লোৱা নাই, সেইদৰে ৰহা টোলগেটতো কৰ দিয়াৰ অর্থ নাই৷ ইয়াকে লৈ টোল সংগ্রহকাৰী লোকৰ সৈতে তীব্র বাক–বিতণ্ডাৰ সৃষ্টি হয় দুয়োপক্ষৰ মাজত৷ লগতে আধাঘণ্টা ধৰি ৰহাৰ টোলগেটৰ পৰা বহু দূৰত্বলৈ আবদ্ধ হৈ পৰে বাছসমূহৰ লগতে অন্যান্য যান–বাহনসমূহ৷ পিছত ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰে আৰু টোলগেট কর্তপক্ষই ঊর্ধ্বতন কর্তৃপক্ষৰ লগত যোগাযোগ কৰি বাছসমূহ যাবলৈ দিয়ে৷

You might also like