ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ নহয়, এইয়া আত্মপ্ৰকাশ হেঃ ছাত্ৰ মুক্তি
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল নায়ক বুলি অভিযোগ উঠা ৰাহুল চেত্রীয়ে আজি পুৱা আৰক্ষী ৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত যোৰহাটত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ লগতে জাতীয় যুৱ বাহিনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইয়া এক ৰাজনৈতিক স্বৰযন্ত্ৰ বুলি অভিহিত কৰিছে কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি মানস কোঁৱৰে কয় যে ,ৰাহুল চেত্রীক ভিলেইন সজাই এনকাউণ্টাৰ কৰাৰ আশংকা কৰা হৈছে। ৰাহুলে আত্মসমৰ্পণ কৰা নাই আত্মপ্ৰকাশ কৰিছে বুলি উল্লেখ কৰে সংগঠন তোৰ নেতাগৰাকীয়ে আৰু কয় যে ৰাহুলে আইনী সহায় লবৰ বাবেহে ইমান দিনে পলাই আছিল। ভাৰতৰ আইন ব্যৱস্থা আছে। আইনৰ ওচৰত তেওঁলোক বিশ্বাসী বুলি কোৱাৰ লগতে ৰাহুলে তদন্তৰ সহায় সহযোগিতা কৰিব। তদন্ত হলেই সমগ্ৰ বিষয়টো ওলাই পৰিব বুলি মানস কোৱৰে আশা প্ৰকাশ কৰে।
ইফালে জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈয়ে সমগ্ৰ ঘটনাত নিৰপেক্ষ তদন্ত বিচাৰি উল্লেখ কৰে যে, ৰাহুলক পৰিকল্পিত ভাবে এই ঘটনাত সাঙোৰ খুৱাই দিয়া হৈছে। এই ক্ষেত্ৰত আইনে ৰাহুল ছেত্ৰীক ন্যায় প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।