নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত আটছা – চাহ মজদুৰ সংঘৰ অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: অসম চৰকাৰে অসম চাহ নিগমৰ বাগিচাসমূহক পুনৰুজ্জীৱিত কৰাৰ নামত লীজত দিয়াৰ বাবে কৰা ব্যৱস্থাৰ প্ৰতি সমৰ্থন জনাইয়ো প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে বাগিচাৰ শ্ৰমিকসকলে । মৰিয়নিত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ ‘আটছা’ আৰু অসম চাহ মজদুৰ সংঘৰ যুটীয়া উদ্যোগত কাটনিবাৰী চাহ বাগিচাত আজি শ্ৰমিকসকলে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি চৰকাৰলৈ এক বাৰ্তা প্ৰেৰণ কৰে । আটছাৰ মৰিয়নি শাখা আৰু অসম চাহ মজদুৰ সংঘৰ চৈকটা, কাটনিবাৰী, ঢেকীয়াজুলি, চৈকটা ফেক্টৰী, নাগিনীজান আৰু চটাই চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্য্যসূচীত কেবা শতাধিক শ্ৰমিক ৰাইজে অংশগ্ৰহণ কৰে ।

এই কাৰ্য্যসূচীত বাগিচা কেইখনৰ কৰ্মচাৰী সংঘয়ো সহযোগ আগবঢ়ায় । পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত আটছাৰ মৰিয়নি শাখাৰ সভাপতি বন্ধন গোৱালা, সাধাৰণ সম্পাদক দিনেশ চাহু, অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁ‌তী, তিতাবৰ শাখাৰ সভাপতি নগেন কুৰ্মী, সম্পাদক বগাই ভূমিজ, চৈকটা চাহ বাগিচা প্ৰাথমিক গোটৰ সভাপতি নবীন কৰ্মকাৰ, সম্পাদক সঞ্জয় তাঁ‌তী, চৈকটা ফেক্টৰী প্ৰাথমিক গোটৰ সভাপতি জিতুল তাঁ‌তী, সম্পাদক বুধৰাম কৰ্মকাৰ, ঢেকীয়াজুলি প্ৰাথমিক গোটৰ সভাপতি শংকৰ তাঁ‌তী, সম্পাদক ধনঞ্জয় ৰাজগড়, কাটনিবাৰী প্ৰাথমিক গোটৰ সভাপতি গুণু তাঁ‌তী, সম্পাদক দীপক পানিকা, নাগিনীজান প্ৰাথমিক গোটৰ সভাপতি জিতেন মালপাহাৰীয়া, সম্পাদক অজয় ভূঞা, চটাই প্ৰাথমিক গোটৰ সভাপতি সুজিত ভূমিজ, সম্পাদক উপেন তাঁ‌তী আদিয়ে অংশগ্ৰহণ কৰে । ধৰ্মঘটকাৰীসকলে ‘বিজেপি গ’ বেক’, ‘বিজেপি চৰকাৰ মুৰ্দাবাদ’, আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ পিছতেই মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া অসীম বৰগোঁ‌হাই প্ৰতিবাদথলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে । স্মাৰক পত্ৰত তেওঁলোকে কয় যে, নিগমৰ বাগিচাক ৩০ বছৰৰ বাবে লীজত দিয়া সিদ্ধান্তত আপত্তি কৰা নাই যদিও উক্ত নিগমৰ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলে পাবলগীয়া বকেয়া ধন লীজত দিয়াৰ পূৰ্বেই আদায় দিব লাগিব । অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চৈকটা আৰু নাগিনীজান চাহ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ অনাদায় ধন মোকলাই নিদিয়া পৰ্য্যন্ত চৰকাৰে মালিক পক্ষক বাগিচাসমূহ গতাই দিব নোৱাৰিব । তাৰোপৰি চৈকটা আৰু নাগিনীজান চাহ বাগিচাৰ খাটিখোৱা অস্থায়ী শ্ৰমিক আৰু কৰ্মচাৰীসকলক শীঘ্ৰেই স্থায়ীকৰণ কৰিবলৈও লগতে দাবী জনাইছে । আনহাতে, চৈকটা আৰু নাগিনীজান চাহ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও স্মাৰক পত্ৰৰ যোগেদি চৰকাৰক দাবী জনাইছে । লীজত দিয়াৰ পূৰ্বেই শ্ৰমিক কৰ্মচাৰীসকলৰ বকেয়া ধন আদায় দিয়া, অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকলক শীঘ্ৰেই স্থায়ীকৰণ কৰা আৰু শ্ৰমিক কৰ্মচাৰীসকলৰ ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে । ইয়াৰোপৰি এই দাবীসমূহৰ সন্দৰ্ভত আটছা আৰু চাহ মজদুৰ সংঘৰ সৈতে আলোচনাৰো দাবী জনাইছে আটছাই । ইয়াৰ পিছতো যদি চৰকাৰে এই সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰে তেন্তে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ’ব বুলিও স্মাৰক পত্ৰৰ জৰিয়তে সংগঠনকেইটাই সকিয়াই দিছে । প্ৰতিবাদী কাৰ্য্যসূচীত বহুকেইজন নেতাই বক্তব্য প্ৰদান কৰি বাগিচা লীজত দিয়াৰ আগতেই শ্ৰমিক কৰ্মচাৰীৰ সকলো দিশত নিৰাপত্তা কামনা কৰে ।

দিব্যজ্যোতি শইকীয়া

You might also like