নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান পাঠশালাত জন্ম হ’ল ৰাজলক্ষ্মী থিয়েটাৰৰ

নিয়মীয়া বাৰ্তা,  ৯ অক্টোবৰঃ আজি পবিত্ৰ লক্ষ্মী পূজাৰ দিনাই অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান পাঠশালাত জন্ম লাভ কৰিলে আন এখন থিয়েটাৰ “ৰাজলক্ষ্মী থিয়েটাৰে”। ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰেৰে অসমৰ নাট্য জগতত এক নতুন ধাৰাৰ সৃষ্টি কৰা ঠাইখিনিতে শুভাৰম্ভ কৰা ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰতীকপট মুকলি কৰে আৱাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক, বিশিষ্ট নাট্যযোদ্ধা কৃষ্ণ ৰয়ে। হৰিমন্দিৰ প্ৰাংগণস্থিত পাঠশালা বজাৰ কমিটিৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত থিয়েটাৰখনৰ প্ৰমো উন্মোচন কৰে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ সম্পাদক তথা নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নৱ দাসে। পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰে সঞ্চালনা কৰা অনুষ্ঠানত ৰাজলক্ষ্মী থিয়েটাৰৰ থীম চং মুকলি কৰে সুৰ সাগৰ দীপক বৰুৱা আৰু কন্ঠশিল্পী ৰাজেন ৰয়ে। ২০২৪-২৫ নাট্যবৰ্ষত ৰাইজৰ আশীর্বাদ লৈ ৰাজলক্ষী থিয়েটাৰে ৰাজ্যৰ চুকে কোনে নাট মঞ্চায়ন কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে বুলি সাংস্কৃতিক নগৰী তথা ভ্ৰাম্যমাণ নাট্য জগতৰ অন্যতম পীঠস্থান পাঠশালাৰ বুকুত জন্মলাভ কৰা থিয়েটাৰ খনৰ সামগ্ৰীক পৰিকল্পনা সম্পৰ্কে প্ৰযোজক তথা সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰে ব্যক্ত কৰে। আজিৰ অনুস্থানত বিশিষ্ঠ অভিনেতা নৱ কাশ্যপ, পাঠশালা পৌৰসভাৰ অধ্যক্ষা জলী চৌধুৰী, বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্রীয় নেতা বিজন বায়ন, মৃদুল তালুকদাৰ, পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰী, প্ৰাক্তন আছু নেতা সমূদ্র পাটগিৰি, বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা অভিনেতা নিতুল কুমাৰ মেধি, বিশিষ্ট চিকিৎসক ডাঃ কুলেন কাকতি, বিশিষ্ট সমাজকৰ্মী মিহিৰ তালুকদাৰ, পাঠশালা পৌৰ সভাৰ উপ পৌৰপতি ৰাতুল ৰয় , পাঠশালাৰ জ্যেষ্ঠ নাগৰিক মদন ৰয়, বিশিষ্ট অধিবক্তা গোপাল তালুকদাৰ, বিশিষ্ট ব্যবসায়ী গৌতম শৰ্মা সমন্বিতে বহু বিশিষ্ট লোক উপস্থিত থাকি ৰাজলক্ষ্মী থিয়েটাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত অনন্য ৰূপত আত্মপ্রকাশ কৰিব বুলি আশা ব্যক্ত কৰে। পাঠশালাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ প্ৰযোজনা, নিৰ্মল ৰয় আৰু দিম্পল তালুকদাৰৰ সহ প্ৰযোজনা তথা তুতুল তালুকদাৰৰ সামগ্রিক পৰিচালনাত ২০২৪-২৫ নাট্যবৰ্ষত ব্যয়বহুল পৰিকল্পনাৰে নাট্যদলটোৱে কাৰিকৰী দিশৰ লগতে সু ৰুচি সম্পন্ন নাটকৰে দৰ্শকৰ মাজত আত্মপ্ৰকাশ কৰিব বুলি ৰাজলক্ষী থিয়েটাৰৰ পৰিয়াল বৰ্গই কলামোডীৰ ৰাইজৰ আশীষ বিচাৰিছে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like