নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ধুবুৰীত চান্দৰডিঙা ফাউণ্ডেচনৰ “ৰং উৎসৱ” – নৃত্যাঙ্গনৰ উদ্যোগতো আয়োজন ‘বসন্ত উৎসৱ-২০২৩”

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী: মঙ্গলবাৰে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত চান্দৰডিঙা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হ’ব “ৰং উৎসৱ”। কালিলৈ ৰাতিপুৱা ১০ বজাত খেলপথাৰখনত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘ (আৰএচএচ)ৰ ধুবুৰী জিলাৰ সংঘচালক ডঃ দ্বীপেন্দ্ৰ নাথ অধিকাৰীৰ বন্তি প্ৰজ্বলেনেৰে সেই কাৰ্য্যলূচীৰ শুভাৰম্ভ ঘটিব। পুৱা ১০-৩০ বজাত ৪ৰ পৰা ১০ বছৰীয়া শিশুৰ মাজত অনুষ্ঠিত হ’ব কৃষ্ণ সজ্জা প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব বিশিষ্ট সংগীত শিল্পী তথা চলচিত্ৰ বিত্ত উন্নয়ন নিগম, অসমৰ অধ্যক্ষ সীমান্ত শেখৰে। বিভিন্ন পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানৰে কাইলৈ অনুষ্ঠিত হ’বলগীয়া “ৰং উৎসৱ”ত অসম আৰক্ষীৰ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে মুখ্য অতিথিৰূপে উপস্থিত থকাৰ বিপৰীতে আৰএচএচৰ উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিনহা মুখ্য বক্তা ৰূপে উপস্থিত থাকিব। আনহাতে, কাইলৈ ধুবুৰীৰ বিশিষ্ট সাংস্কৃতিক আৰু সামাজিক গোষ্ঠী “নৃত্যাঙ্গন”ৰ উদ্যোগতো চহৰখনৰ বৰলুইতৰ পাৰৰ ৰাজীৱ গান্ধী উদ্যান”ত অনুষ্ঠিত হ’ব “বসন্ত উৎসৱ-২০২৩”। কাইলৈ পুৱা ৮-৩০ বজাত ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰীৰ পৰা ৰাজীৱ গান্ধী উদ্যানলৈ হ’বলগীয়া এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে সেই কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটিব। সেই কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি অহাকৈলি এখন স্মৰণিকাও উন্মোচন কৰা হ’ব বুলি উদ্যক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে। উল্লেখ্য যে, বসন্ত উৎসৱৰ সৈতে সংগতি ৰাখি “নৃত্যাঙ্গন”ৰ শিল্পীসকলে যোৱানিশা ধুবুৰীৰ ৰাজপথত নানা বৰণীয়া ফাকুগুৰিৰে অঁকা আলপনাই মন মুহিবলৈ সক্ষম হৈছে বহুতৰে।

You might also like