নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ১০-১১ মাৰ্চত ধুবুৰীত বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

  • পোনপ্ৰথম বাৰৰ বাবে জিলাখনত অনুষ্ঠিত হ’ব যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক
  • ১১ মাৰ্চত ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া কাৰ্য্যনিৰ্বাহক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

 

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: পোন প্ৰথমবাৰৰ বাবে ধুবুৰী জিলাত অনুষ্ঠিত হ’বলৈ গৈ আছে বিজেপিৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱমৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সিদ্ধান্ত মৰ্মে অহা ১০ আৰু ১১ মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে জিলাখনত অনুষ্ঠিত হ’ব সংগঠনটোৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক। সেই কাৰ্য্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ ১১ মাৰ্চত যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱা সভাপতিত্বত ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্ম, বিজেপি আৰু যুৱমৰ্চাৰ ৰাজ্যিক কমিটিৰ কাৰ্য্যকৰ্তাসকলৰ উপৰিও ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি অসম চৰকাৰৰ বিভিন্ন দ্বায়িত্বত থকা কেবিনেট মন্ত্ৰীসকলো উপস্থিত থাকিব। সেই কাৰ্য্যনিৰ্বাহকখনত উপস্থিত থাকিব অসমৰ প্ৰতিটো সাংগঠনিক জিলাৰ যুৱমৰ্চাৰ জিলা সভাপতি আৰু সম্পাদকো। আজি ধুবুৰীৰ তেতুলতলাতলাস্থ বিজেপিৰ জিলা কাৰ্য্যালয়ত এক সংবাদমেল যোগে এয়া সদৰি কৰিছে বিজেপিৰ যুৱ মোৰ্চাৰ ধুবুৰী জিলাৰ সভাপতি নিৰ্মাল্য পালে। দুদিনীয়া সেই কাৰ্য্যসূচীৰ প্ৰথম দিনা, অৰ্থাৎ ১০ মাৰ্চত ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ সত্ৰশালত ৰাজ্যিক বিষয়ববীয়া সভা লগতে আগমনি মন্ডলৰ অন্তৰ্গত বুথ বাহিনীৰ লগত এখন বৈঠক অনুষ্ঠিত হ’ব। পিছদিনা অৰ্থ্যাৎ ১১ মাৰ্চত ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।

You might also like