নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰুখা পঁজাত জীৱন নির্বাহ ৰঙাপৰাৰ লক্ষেশ্বৰ তাঁতীৰ

নিয়মীয়া বাৰ্তা, ১ মেঃ ৰঙাপৰা উন্নয়ন খণ্ডৰ অধীনৰ এটি পৰিয়ালে আজিও উৰুখা পঁজাত জীৱন যাপন কৰিবলগীয়া ঘটনাই দেশৰ প্রধানমন্ত্রীগৰাকীৰ প্রধানমন্ত্রী আৱাস যোজনা আঁচনিক অংগুষ্ঠ প্রদর্শন কৰিছে৷

 বিধায়কহীন ৰঙাপৰা বিধানসভা সমষ্টিৰ বৰজুলি গাঁও পঞ্চায়তৰ অন্তর্গত ধোলকোবা চাহ বাগিচাৰ ১২ নং শ্রমিক লাইন নিৱাসী লক্ষেশ্বৰ তাঁতীয়ে আজিও লাভ নকৰিলে এটি চৰকাৰী আৱাস গৃহ৷ তাঁতীৰ পৰিয়ালে আজিও এটি ভঙা জুপুৰিতে পত্নী, পুত্র আৰু এজন বৃদ্ধৰ সৈতে অতি কষ্টৰে জীৱন নির্বাহ কৰি আহিছে৷ উৱলি যোৱা টিঙৰ চালিৰ গৃহটোৰ ভিতৰতে ৰন্ধা–বঢ়া কৰাৰ উপৰি নিশা অতিবাহিত কৰি আহিছে৷

ইফালে দৰিদ্র পৰিয়ালটোক চৰকাৰে ঘোষণা কৰা কোনো আঁচনি আজিলৈকে ঢুকিয়ে নাপালে ৷ চৰকাৰী গৃহটো বাদেই পৰিয়ালটোৱে কেন্দ্রীয় চৰকাৰৰ স্বচ্ছ ভাৰত গঢ়াৰ অনাময় আঁচনিৰ বিনামূলীয়া এটি শৌচালয়ৰ পৰা বঞ্চিত হৈ ৰৈছে লক্ষেশ্বৰ তাঁতী৷  পৰিয়ালটোৱে শৌচালয়ৰ পৰিৱর্তে মুকলিতে মলত্যাগ কৰি আহিছে৷ কাল ধুমুহাই কোন মুহূর্তত ভঙাগৃহটি উৰুৱাই নিয়ে তাৰ কোনো নিশ্চয়তা নাই৷

You might also like