নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বৰলীয়া নৈৰ ভয়াৱহ খহনীয়াঃ জাহ গৈছে কুৰিতকৈ অধিক পৰিয়ালৰ ভেটি-মাটি

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰ: ৰঙিয়াৰ ততাৰকুছিত বৰলীয়া নৈৰ প্ৰবল খহনীয়াৰ বাবে ২০ টাতকৈ অধিক পৰিয়ালৰ ভেটি-মাটি জাহ গৈছে । যাৰ বাবে আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজ । ইয়াৰ পিছতো কানসাৰ নাই জলসম্পদ বিভাগৰ । নৈ পৰীয়া গঞা ৰাইজে বৰলীয়া নৈৰ ভয়াবহ খহনীয়াৰ বাবে উদ্বিগ্ন হৈ পৰিছে । কেইবা শ বিঘাৰ কৃ্ষিভূমি আৰু বহু মূল্যবান গছ-গছনি নৈত বিলীন হৈ গৈছে । যাৰ বাবে অঞ্চলটোৰ অৰ্ধ-শতাধিক পৰিয়ালৰ জীৱন-জীৱিকাকলৈ গভীৰ সংকট নামি আহিছে। বৰলীয়া নৈৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ক্ষোভ উজাৰে অঞ্চলবাসীয়ে ।

উল্লেখ্য যে বছৰ বছৰ ধৰি অব্যাহত থকা বৰলীয়া নৈৰ খহনীয়াৰ ফলত এই অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ভেটি-মাটি জাহ যোৱাৰ ফলত উক্ত দুৰ্ভগীয়া পৰিয়াল সমূহে অন্য স্থানলৈ স্থানন্তৰিত হ’ব লগীয়া হৈছে । তথাপিও কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ । ইফালে এবছৰ পূৰ্বে খহনীয়া ৰোধ বাবে কিছু ঠাইত পকীকৰণ কৰিছিল । কিন্তু অতি নিম্নমানৰ কাম কৰাৰ বাবে এবছৰ নৌহওতে জহি-খহি যোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে । শীঘ্ৰে খহনীয়া ৰোধ কৰি ৰাইজৰ এই জ্বলন্ত সমস্যা সমাধান কৰাৰ বাবে দাবী জনাইছে ।

input: ফাৰুক হুছেইন, ৰঙিয়া

You might also like