নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একোজন ভাল লগা মানুহ আৰু শৰতৰ কুঁৱলী যেন গাঁও

সৰুৰে পৰা গাঁও সম্পর্কে এক ভাললগা অনুভৱ মনটোৱে কঢ়িয়াই লৈ আনিছিল৷ গাঁও মানে চোতাল ওপচা জোনাক, গাঁও মানে তলসৰা শেৱালিৰ বিছনা, শীতল নদীৰ কোমল শব্দ, গংগা চিলনীৰ লাহি পাখিৰ আলফুল ডৰণ গাঁও মানে পথাৰ ওপচা ধাননিৰ ঢ়ৌ তোলা নাচ, দাৱনীৰ পথাৰৰ ৰটেঙা আৰু পাহুৱাল ডেকাৰ বিৰিয়াৰ কম্পন৷ সৰু কালৰ এই অনুভৱ চাগে ডেকা য়সত ৰোমাণ্টিক ডচ্ছ্বাসলৈ ৰূপান্তৰ হৈছিল৷ হ’লেও এই ৰোমাণ্টিক অনুভৱেই দেখোন এই দ্ধ য়সতো গাঁও লিলেই মনটো পুলকিত কৰে৷ এনে এখন গাঁও, এনে এটা অঞ্চলৰ লগত এক আত্মীয় সম্বন্ধ ঘটিছিল আশীৰ দশকৰ আৰম্ভণিতে৷ অঞ্চলটো আছিল নিতাই পানীদিহিং৷ অঞ্চলটোৰ বিস্তৃতি আছিল নিতাই পুখুৰীৰ পৰা ৰজাবাৰীলৈ, নিতাইৰ পৰা কমলদৈ পুল পাৰ হৈ বিশাল মহাৰাণী ৰিজার্ভ সামৰি এক ভাললগা সেডজীয়া পৰিৱেশলৈ৷ দিহিং নদীৰ কোমল স্পর্শই শীতল কৰি ৰাখিছিল জোন গাঁৱৰ পৰা দিহিংগীয়া গাঁও হুৱাবাৰী পাৰ হৈ ৰজাবাৰী৷ এই কোমলতাই চুই গৈছিল মহাৰাণী ৰিজার্ভৰ পৰা কমলদৈ পুললৈ৷ এইফালেদিয়ে অক্লান্ত গতিৰে দিহিং বৈ গৈছে বিশাল মিলনভূমি দিহিংমুখলৈ৷ এই মনোমোহা, শস্যশ্যামলা গাঁওকেইখনৰ লগত মই বিবাহসূত্রে যেতিয়া আত্মীয় হৈ ডঠিছিলোঁ, এক জাব নোৱৰা মাদকতাত মই মুগ্ধ হৈছিলোঁ৷ কেনেকৈ বিশ্বাস কৰোঁ সেই অঞ্চলত চোৰ–ডকাইত নাই৷ দুৱাৰ ন্ধ নকৰাকৈ ওৰেৰাতি মানুহ শুই থাক্বি পাৰে নির্বিঘ্ণে৷ আচলতে গাঁৱৰ লোকসকল আছিল খেতি–বাতিৰে চহকী৷ খেতিৰ শস্য, নদীৰ মাছ আৰু কর্মোদ্যমে গাঁওবাসীক দিছিল অভাৱহীন জীৱন৷ জোন গাঁৱৰ পৰা মহাৰাণী ৰিজার্ভলৈকে এই বিশাল অঞ্চল সততে মুখৰিত হৈ আছিল ঐনিতমৰ কৰুণ সুৰ, বিহুৰ ঢ়োল–পেঁপা আৰু টকা–গগনাৰে৷ গাঁৱৰ প্রতিঘৰ মানুহৰ ইঘৰ–সিঘৰৰ লগত আছিল আত্মাৰ সম্পর্ক৷
প্রকৃতিয়ে বোলে মানুহৰ মনবোৰো গঢ় দিয়ে৷ নিজ সাঁচত৷ এই শস্য–শ্যামলা গাঁওসমূহৰ আত্মীয়তাৰ এনাজৰীডাল ধৰি ৰাখিছিল গাঁৱৰ ঢ়া–মেথা আৰু মান্যজনে৷ লাহে লাহে এই অঞ্চলৰ হুজন সহজ–সৰল অথচ অতি ডচ্চমনা মানুহৰ লগত ঘনিষ্ঠ হৈ পৰিছিলোঁ৷ কিন্তু যি দুজন মানুহৰ কথা লিখিবলৈ লৈ অঞ্চলটোৰ কথাৰে লেখাটো আৰম্ভ কৰিছোঁ সেই মানুহ দুজন মোৰ াবে আছিল দিহিং পাৰৰ মিঠা ৰ’দৰ দৰেই অপকট, ডজ্জ্বল আৰু বৈ যোৱা নদীখনৰ দৰেই শব্দময় আৰু গতিশীল৷ মানুহ দুজন আছিল সু–ভিনেতা, স্বাধীনতা সংগ্রামী, শিল্পী, সাহিত্যকর্মী প্রয়াত দ্ধীন্দ্র কুমাৰ ৰাজখনিকৰ আৰু আনজন ভৰত মুনিয়ে দুহেজাৰ ছৰৰ পূর্বে সংসৃকত ভাষাত ৰচনা কৰা, ভাৰতীয় লোকে পঞ্চম বেদ লি শ্রদ্ধা কৰি অহা নাট্যশাস্ত্র অসমীয়ালৈ অনুবাদ কৰি যোৱা সংসৃকত পণ্ডিত প্রয়াত নিত্যানন্দ শর্মা শাস্ত্রী৷
বুঢ়ী দিহিঙৰ প্রলয়ংকৰী ানত এই ভাললগা নিতাই পুখুৰী এদিন স্তব্ধ হৈ গ’ল৷ নদীৰ পলসে মানুহৰ বাৰী–ঘৰ পুতি পেলালে৷ সেই সময়তে মানুহৰ দুর্দশাৰ খবৰ ল’বলৈ আহি আকৌ লগ পাইছিলোঁ দ্ধীন্দ্র কুমাৰ ৰাজখনিকৰক৷ তেখেতে কৈছিল, মানুহবোৰ এই ঠাই এৰি গুচি গৈছে আৰু হুতে যাবলৈ ওলাইছে৷ কিন্তু হুৱাবাৰী এৰি মই ক’লৈকো যাব নোৱাৰোঁ৷ এই শান্ত পৰিৱেশ পাবা ক’ত? হুৱাবাৰীত মৰ্বি পাৰিলে আত্মাটোৱে শান্তি পাব৷ এই অঞ্চল এই মানুহবোৰ এৰি মই একোকে চিন্তা কৰ্বি নোৱাৰোঁ৷ দেশৰ কাম কৰি দিহিঙে–দিপাঙে ঘূৰি ফুৰোঁতেও গাঁওখন কুতে লৈ ফুৰিছিলোঁ৷ এৰা এই মানুহজন নিতাই এৰি যাব ক’লৈ? যি সময়ত গাঁৱৰ মানুহে নাটক চাবলৈ গ’লেও ৰাইজে বেয়া পাইছিল, সেই ১৯৭৫ চনতে এই গাঁও অঞ্চলত মহিলাৰ ভাওনা পাতি ভয়ংকৰ ৰেকর্ড ৰাখি যোৱা এই ৰাজখনিকৰ গাঁও এৰি যাব ক’লৈ? ১৯৪২ চনৰ আন্দোলনৰ সময়ত তেখেতৰ বিপক্ষে চৰকাৰে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছিল৷ তেখেতক বিচাৰি ঘৰত পঁচিশ্বাৰকৈ পুলিচে তালাচী চলাইছিল আৰু মানুহজনে ছৰ বছৰ ধৰি ঘৰ এৰি দেশে–দীপান্তৰে ঘূৰি ফুৰিছিল৷ কিন্তু তাৰ মাজতে তেখেতে খোল, তাল জাইছিল৷ নৃত্য কৰিছিল, সূত্রধাৰীকে আদি কৰি সত্রীয়া নৃত্য শিকাইছিল৷ শকুনিৰ প্রতিশোধৰ দৰে নাট কৰি শকুনিৰ সুন্দৰ অভিনয় কৰি ৰাইজৰ পৰা সোণৰ পদক লাভ কৰিছিল৷ সমাজ সংগঠক ৰাজখনিকৰদেৱে অঞ্চলটোত বিভিন্ন বিদ্যালয় স্থাপন কৰাৰ লগতে াম ৰজাবৰী পানীদিহিং কলেজ খোলাতো আগভাগ লৈছিল লি ৰাইজে কয়৷ মানুহজনক সাহিত্যসভাৰ মজিয়াত দুবাৰমান লগ পাইছিলোঁ৷ সাৱলীল গতিত স্পষ্টকৈ বক্তব্য প্রকাশ কৰি ত্তৃণতা দিয়াৰ দক্ষতা দেখিলে তেখেত যে আনুষ্ঠানিক ডচ্চ শিক্ষাৰে চহকী নহয় সেই কথা ভাবিবই নোৱাৰি৷ অভিজ্ঞতা, সাহিত্যৰ প্রতি একান্ত ভালপোৱা থাকিলে ভাষা–সাহিত্যই ক্তি বিশেষক অলংকাৰ পিন্ধায়৷ সেইবাবে তেখেতে ১৯৫৫ চনতে ‘ৰদৈচিলা’ নামৰ ডল্লেখযোগ্য আলোচনীত আকণ এঠাৰ ফোঁটৰ দৰে গল্প, ১৯৪৭ চনত ভমৰত কবিতা আৰু প্রবন্ধ লিখিব পাৰিছিল৷ সেই সুবাদতে তেখেত সাত্বাৰকৈ অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য হ’ব পাৰিছিল৷ আনকি সভাৰ প্রকাশন অধিকর্তা পর্যন্ত হৈছিল৷ ১৯৯২ চনত গোৰেশ্বৰ অধিৱেশনৰ গ্রন্থমেলাৰ দ্বাৰ ডন্মোচন কৰাৰো দায়িত্ব পাইছিল৷
আনহাতে, এই নিতাই পুখুৰীৰ দিহিং পাৰৰ অন্যজন লোক নিত্যানন্দ শর্মা শাস্ত্রী এই গাঁৱৰ এজন ডল্লেখ কৰিবলগীয়া সংগ্রামী পুৰুষ আছিল৷ ভাৰত্বর্ষই স্বাধীনতা নাপাওঁতেই মানুহজনে সংসৃকত পঢ়িবৰ াবে বেনাৰস হিন্দু বিশ্ববিদ্যালয় পাইছিলগৈ৷ তাৰ পৰা সংসৃকতৰ শাস্ত্রী ডপাধি লৈ অসমলৈ ঘূৰি আহিছিল৷ মানুহজনে নিতাই পুখুৰী ডচ্চ ইংৰাজী বিদ্যালয়ত সংসৃকতৰ শিক্ষক হিচাপে যোগদান কৰি সেই ঠাইৰ হেমচন্দ্র গোস্বামী মহাবিদ্যালয় স্থাপন কৰাত আগভাগ লৈছিল৷ অকল সেয়ে নহয়, াৰাণসীত সংসৃকত পঢ়ি থাকোঁতেই তেখেতে আয়ুর্বেদ শাস্ত্রও অধ্যয়ন কৰিছিল৷ তাৰ পৰা আহি তেখেতে শৰীৰ চর্চা নামৰ গ্রন্থ ৰচনা কৰিছিল৷ সেই সময়লৈকে অসম নাট্য সন্মিলনে ২০০০ ছৰৰ পুৰণি সংসৃকতৰ নাট্যশাস্ত্রখন অনুবাদ কৰিবলৈ এজন মানুহ বিচাৰি পোৱা নাছিল৷ সেই সময়তে নিত্যানন্দ শর্মাই এই গধুৰ দায়িত্ব মূৰ পাতি লৈ ৬০০০ শ্লোকৰ গ্রন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল৷ ১৯৯১ চনত অসমৰ মাননীয় ৰাজ্যপাল লোকনাথ মিশ্রদেৱে গুৱাহাটীত অসম নাট্য সন্মিলনে প্রকাশ কৰা এই নাট্যশাস্ত্র ডন্মোচন কৰিছিল৷ এইজন প্রয়াত নিত্যানন্দ শর্মা এই নিতাই পুখুৰীৰ দিহিং পাৰৰ এজন লগ পালে ভাললগা মানুহ আছিল৷ ৰাজখনিকৰ আৰু নিত্যানন্দ শর্মা শাস্ত্রীৰ দৰে লোকসকলৰ াবেই অসমৰ মিঠা মনোমোহা গাঁওেবাৰ আজিও মধুৰ, আজিও নৈতিক শিক্ষাত চহকী হৈ আছে৷ চহৰৰ স্ত মানুহবোৰৰ ঈর্ষাৰ কাৰণ হৈ আছে৷ গাঁৱৰ মায়াময় আমেজৰ মিঠা সপোন নেদেখে কোনে?

You might also like