মন্ত্রী ৰঞ্জিত দাসৰ চৰকাৰী বাসভৱনত বৈঠক সিদ্ধার্থ ভট্টাচার্য অতুল বৰা–পদ্ম হাজৰিকাৰ
নিয়মীয়া বাৰ্তা, ২২ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত সোমবাৰে দিছপুৰত অনুষ্ঠিত হ’ল মন্ত্রী–মিত্র বিধায়ক গোটৰ প্রথমখন বৈঠক৷ পঞ্চায়ত–গ্রামোন্নয় মন্ত্রী ৰঞ্জিত দাসৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিধায়ক অতুল বৰা, সিদ্ধার্থ ভট্টাচার্য আৰু পদ্ম হাজৰিকা৷
উল্লেখ্য যে কিছুদিন পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই বিজেপি, অগপ আৰু ইউ পি পি এল দললৈ পত্র প্রেৰণ কৰি ৰাজ্যৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰাৰ বাবে একোজন মন্ত্রীৰ নেতৃত্বত ৩–৪ বিধায়ক সংযোগ কৰি মন্ত্রী–মিত্র বিধায়ক গোট গঠন কৰি দিছিল৷
সেই অনুসৰি প্রতি বুধবাৰে হ’ব লগা কেবিনেট বৈঠকৰ এদিন পূর্বে এই মন্ত্রী–বিধায়ক গোট আলোচনাত বহি বিভিন্ন দিশ সন্দর্ভত বিস্তৃত পর্যালোচনা কৰাৰ লগতে পৰৱর্তী দিনত হ’ব লগা কেবিনেট বৈঠকত মন্ত্রীৰ জৰিয়তে বিষয়সমূহ উত্থাপন কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ উক্ত নির্দেশ অনুসৰিয়েই নির্ধাৰিত সময়ৰ এদিন পূর্বে আজি মন্ত্রী ৰঞ্জিত দাসৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই গোটৰ প্রথমখন বৈঠক৷ তিনিজন জ্যেষ্ঠ বিধায়কৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত ৰাজ্যখনৰ সাম্প্রতিক সময়ৰ ৰাজনৈতিক, আর্থ–সামাজিক তথা উন্নয়নমূলক কাম–কাজসমূহৰ সন্দর্ভত বিস্তৃত আলোচনা হয় আৰু মন্ত্রী দাসক তিনিওজন বিধায়কে এইক্ষেত্রত বিভিন্ন পৰামর্শ প্রদান কৰে৷
বৈঠকৰ অন্তত ৰঞ্জিত দাসে প্রকাশ কৰে যে মুখ্যমন্ত্রীয়ে সতীর্থ বিধায়কসকলক লৈ গঠন কৰা মিত্র বিধায়ক গোটৰ এই পৰিকল্পনা তথা দূৰদর্শী পদক্ষেপে চৰকাৰৰ কাম–কাজত নতুন গতি প্রদান কৰিব৷ উল্লেখ্য যে শাসকীয় দলৰ মিত্র দলৰ বিধায়কক লৈ প্রথম পর্যায়ত গঠন কৰা এই মন্ত্রী–মিত্র বিধায়ক গোট পৰৱর্তী সময়ত বিৰোধী দলৰ বিধায়কক লৈও গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে৷ আজি মন্ত্রী দাসৰ চৰকাৰী বাসভৱনত আয়োজিত এই বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ আলোচনা হোৱাৰ লগতে একেলগে দুপৰীয়াৰ আহাৰো গ্রহণ কৰে আটাইকেইজনে৷