নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ৰঞ্জিত দাসৰ দুবছৰীয়া খতিয়ান “উন্নয়নৰ বাটেৰে দুটা বছৰ” মুকলি

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ “জাতীয় শব্দটো অসম জাতীয় পৰিষদ দলটোত খাপেই নাখায়৷ প্ৰকৃততে তেওঁলোকে জাতীয় শব্দটোকে কলুষিত কৰিছে৷” এই মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ৷ আজি পাঠশালাত পাটাছাৰকুছিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে দুবছৰে সমষ্টিত কৰা কামৰ খতিয়ান পুস্তিকা আকাৰে প্ৰকাশ কৰা পুস্তিকা উন্মোচন কৰি পবিত্ৰ মাৰ্ঘেৰিটাই অসম জাতীয় পৰিষদ সন্দৰ্ভত কালি জুবিন গাৰ্গে কৰা মন্তব্য আৰু তাৰ পিছতে অজাপই জুবিন গাৰ্গক সমালোচনা কৰা সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে জুবিন গাৰ্গে কি প্ৰেক্ষাপটত এই কথা কলে সেয়া তেওঁৰ জ্ঞাত নহয়৷ বা জুবিন গাৰ্গ যিহেতু তেওঁলোকৰ দলৰ কাৰ্যকৰ্তা নহয় গতিকে জুবিনৰ মন্তব্য তেওঁলোকৰ বিচাৰ্যৰ বিষয় নহয়৷ কিন্তু এইটো ঠিক যে জুবিন গাৰ্গে ৰাজনৈতিক মন্তব্য দিব নোৱাৰিব নেকি৷ জুবিন গাৰ্গে এনেকুৱা মন্তব্য কৰাৰ পিছতে তেওঁৰ ৩০ বছৰীয়া সাংস্কৃতিক অৱদানক নস্যাৎ কৰি দুই এক অল্পখ্যাত বা অখ্যাত ব্যক্তিয়ে তেওঁৰ বিষয়ে যি অশ্লীল বাক্যবাণ কৰিছে সেয়া গ্ৰহণযোগ্য নহয়৷ জুবিনে সচা কথা কোৱাৰ বাবে তেওঁ সন্দৰ্ভত যি কোনো মন্তব্য মানি লোৱা নহব৷ ৰাজনৈতিক বক্তব্য দিলে বুলিয়েই জুবিন গাৰ্গৰ বিৰুদ্ধে যি তি মন্তব্য মানি লোৱা নহব বুলি মন্তব্য কৰি বিজেপি নেতাগৰাকীয়ে কয় যে জুবিনৰ বক্তব্যৰ বিচাৰ অসমৰ ৰাইজে কৰিব। কা আন্দোলনৰ একালৰ সতীর্থ আছিল জুবিন গাৰ্গ কিন্তু কেইগৰাকীমানে তেওঁক বাদ দি দল খুলি এতিয়া এ চি ৰুমত বহি বিজ্ঞপ্তি দি আছে৷ গতিকে তাত জুবিনে কিবা কব পাৰে৷ অকল জুবিন বুলিয়েই নহয়, যি কোনো মানুহে সাম্প্ৰতিক ৰাজনীতিৰ ওপৰত বক্তব্য প্ৰদান কৰিব পাৰে৷ আনহাতে অসম জাতীয় পৰিষদক জাতীয় পৰিষদ নহয়, কংগ্ৰেছৰ কৃতদাস পৰিষদ বুলি আখ্যা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে যি কংগ্ৰেছে ৮৫৫ গৰাকী নিৰস্ত্ৰ অসমীয়া মানুহক গুলীয়াই গুলীয়াই মাৰিলে সেই কংগ্ৰেছৰ ওচৰত আছুৰ পিঠিত উঠি নেতা হোৱা তথাকথিত নেতা লুৰিণজ্যোতি গগৈ তথা অসম জাতীয় পৰিষদ নামৰ এনজিঅ’টো বা দলটো বিক্ৰী কেনেকৈ যাব পাৰে। তেওঁ কংগ্ৰেছক তীৰ্যক ভাষাৰে সমালোচনা কৰি কয় যে অসমৰ চাহ বাগানৰ ৰাইজক কংগ্ৰেছে বিগত ৬৭ বছৰে কেনেধৰণে শোষণ কৰি আছে সেয়া সকলোৱে জানে। চাহ বাগানৰ অতি সহজ সৰল ৰাইজেও কংগ্ৰেছক ভালদৰে চিনি পাইছে৷ সেয়েহে এতিয়া বহু চাহ বাগিচাত কংগ্ৰেছে প্ৰৱেশেই কৰিব নোৱাৰে। তেওঁ কয় যে সৰ্বস্তৰৰ সামগ্ৰীক উন্নয়ন বিচৰা বিজেপিয়ে তেওঁলোকৰ শাসনকালত অতি কম সময়ৰ ভিতৰতে ৮০০ খন বাগিচাৰ বাট পথ ঠিক কৰিছে। এনেবোৰ কাৰণতে মহাজোঁট কেতিয়াও সফল হব নোৱাৰে বুলি বিজেপি নেতাগৰাকীয়ে মন্তব্য কৰে৷ আনহাতে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বিজেপিয়ে হিন্দু-মুছলমানৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰা আৰু টোলগেটৰ ওপৰত কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবগৰাকীয়ে কয় যে অখিল গগৈয়ে কেতিয়া কি কয়, কি কৰে তাৰ কোন ঠিক নাই৷ তেওঁ কেৱল বাতৰিৰ শিৰোনাম দখল কৰিবলৈ যিকোনো কথা কয়৷ গগৈয়ে আগবেলা বেলেগ এটা কয়, পিছবেলা বেলেগ এটা কয়৷ গগৈৰ শুভবুদ্ধি উদয় হ’লে বিজেপিকো ভোট দিব লাগে কব বুলি ৰাইজৰ দলৰ নেতাগৰাকীক কটাক্ষ কৰে৷ তেওঁ কয় যে আজিৰ তাৰিখত অখিল গগৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ভৃত্য হৈ আছে, কিন্তু কালি যদি তেওঁৰ অন্তৰাত্মা জাগি উঠে তেওঁ বিজেপিৰ সমৰ্থন কৰিব লাগে বুলিও কব৷ গতিকে এনেকুৱা ব্যক্তিৰ মন্তব্য গুৰুত্বহীন বুলি মাৰ্ঘেৰিটাই অখিল গগৈক সমালোচনা কৰে৷ উল্লেখ্য যে আজি পাঠশালাৰ হৰিমন্দিৰ চৌহদত অৱস্থিত পাঠশালা নাট্যমন্দিৰত “উন্নয়নৰ বাটেৰে দুটা বছৰ” শীৰ্ষক পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ দাসৰ দুবছৰীয়া কৰ্মাৱলীৰ খতিয়ান মুকলি কৰে পবিত্ৰ মাৰ্ঘেৰিটাই৷ অনুষ্ঠানত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণদিৎ কুমাৰ দাসে কয় যে ২০২১ চনত সমষ্টিবাসী ৰাইজৰ মৰম, আস্থা আৰু আশীৰ্বাদৰ ফলতে তেওঁ পাটাছাৰকুছি সমষ্টিৰ বিধায়ক হিচাবে বিপুল ভোটত জয়লাভ কৰি নিৰ্বাচিত হৈছিল ৷ বিধায়কৰ দায়িত্ব গ্ৰহণ কৰিয়েই সমষ্টিটোৰ উন্নয়নকে মূল লক্ষ্য হিচাবে লৈ ২০২১ৰ পৰা ২০২৩ চনলৈ যোৱা দুটা বছৰ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে বুলি মন্তব্য কৰি কয় যে তেওঁ বিধায়ক হিচাবে কিমান সফল হৈছে বা সমষ্টিৰ উন্নয়নৰ বাবে কি কি কাম কৰিছে এই সকলোবোৰ তথ্য সন্নিবিষ্ট কৰি এখন খতিয়ান যুগুত কৰিছে, যাতে সমষ্টিবাসী প্ৰতিগৰাকী নাগৰিকে বিধায়কে কৰা প্ৰতিটো কামৰ বিষয়ে জানিব পাৰে৷ তেওঁৰ এই দুবছৰীয়া খতিয়ানৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কৃতাৰ্থ কৰা বুলি কৈ সাংসদগৰাকীৰ শলাগ লৈ পাটাছাৰকুছি সমষ্টিবাসী ৰাইজলৈ শ্ৰদ্ধা নিবেদি আগন্তুক দিনত পাটাছাৰকুছিক উন্নয়নৰ দিশত অসমৰ অন্যতম সমষ্টি হিচাবে প্ৰতিষ্ঠিত কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ কথা ব্যক্ত কৰে৷ আজিৰ এই অনুষ্ঠানত অসম সৌৰভ কৃষ্ণ ৰয়, পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰী, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী, অসম গণ পৰিষদৰ পাটাছাৰকুছি সমষ্টি সমিতিৰ সভাপতি জিণ্টু চৌধুৰী সমন্বিতে ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like