নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত অব্যাহত ৰেপিড এন্টিজেন টেষ্ট, তিনিগৰাকী ক’ভিড পজিটিভ  চিনাক্ত

আজিৰে পৰা শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ ক'ভিড-১৯ৰ পৰীক্ষা আৰম্ভ

 নিয়মীয়া বাৰ্তা,  ২১ আগষ্টঃ ঘিলামৰা স্বাস্থ্য বিভাগে অব্যাহত ৰখা আৰু যোৱা ১১ আগষ্টত স্বাস্থ্য বিভাগে সম্পন্ন কৰা ৰেপিড এন্টিজেন টেষ্টত ঘিলামৰা খণ্ড প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত  এগৰাকী  নাৰ্ছৰ  ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাত ঘিলামৰাত মৃদু উত্তেজনাৰ সৃষ্টি হোৱাৰ দু-সপ্তাহ পাছত আজি ঘিলামৰা ব্লক  পি এইচ চিত দুগৰাকী মহিলা আৰু এজন পুৰুষক ধৰি তিনিগৰাকী ব্যক্তি ক’ভিড পজিটিভ ওলোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চ্যলই বিৰাজ কৰিছে ।

ঘিলামৰা স্বাস্থ্য বিভাগে সাংবাদিকৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, আক্ৰান্ত দুগৰাকী  হৈছে ঘিলামৰা দেৱলীয়া গাঁও পঞ্চায়তৰ আখৈফুটীয়া গাঁও নিৱাসী পতি-পত্নী জাতিৰাম কলিতা (৫৮) আৰু  জোনমণি সেনাপতি  কলিতা (৩৮), চোমনি মেদক বিলমুখৰ শিক্ষয়িত্ৰী ৰীতা কুমাৰী  মেদক (৫৭) । ইফালে এই তিনিগৰাকী আক্ৰান্তকে ধৰি ঘিলামৰাত ক’ভিড-১৯ৰ  আক্ৰান্ত হোৱা ব্যক্তি আৰোগ্যসহ বাইশগৰাকীলৈ বৃদ্ধি পালে ।

আনহাতে ঘিলামাৰা স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, আজিৰ দিনটোলৈক ঘিলামৰাত মুঠ ১৫০৮গৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ  পৰীক্ষা কৰা বিপৰীতে ১৪৮৬গৰাকীৰ পৰীক্ষাৰ ফলাফল নিগেটিভ হৈছে আৰু ইয়াৰে ২২গৰাকী  ক’ভিড-১৯ পজিটিভ ওলাইছে।

You might also like