নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ টুপামাৰীত ৰেপিডো চালকক যাত্ৰী যুৱকৰ ৰামঠগন

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ প্ৰৱঞ্চকৰ পাল্লাত পৰি নগুৰনাকতি হ’ল এগৰাকী মহানগৰীৰ ৰেপিডো চালকৰ। ঘটনাটো পোহৰলৈ অহাত অঞ্চলজুৰি বিয়পিছে তীব্ৰ চাঞ্চল্য। কামৰূপৰ নগৰবেৰা থানাৰ অন্তৰ্গত টুপামাৰীত আজি পুৱাই সংঘটিত হয় তেনে এক নাটকীয় কাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি যোৱানিশা প্ৰায় ১২ বজাত গুৱাহাটী পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা এজন যুৱকে টুপামাৰীলৈ বুলি ১০০০ টকাত বন্দোবস্তি কৰি ৰেপিডো বাহন এখন ভাড়ালৈ লয় আৰু পুৱা প্ৰায় ৬ বজাত টুপামাৰী বজাৰত চালকজনক চাহ খাবলৈ দি এটিএমৰ পৰা টকা উঠাবলৈ বুলি যায় যাত্ৰী যুৱকজনে। পিছে ভাড়া নিদি যুৱকজনে পলায়নেহে কৰাত বিবুধিত পৰে ৰেপিডো চালকজন। অৱশেষত যুৱকজন ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিও উভতি নহাত বিপদ আৰু বিবুধিত পৰে ৰেপিডো চালকজন। ইফালে গাড়ীত নাই তেল আৰু হাতত ফুটাকড়ি এটাও নথকাত ৰেপিডো চালকজন গুৱাহাটীলৈ উভতি যাব নোৱাৰা পৰিস্থিতিৰ উদ্ৰেক ঘটে। অৱশেষত ঘটনাৰ সবিশেষ শুনি স্থানীয় যুৱক কেইজনমানে চিচি কেমেৰাৰ ফুটেজত যুৱকজনক প্ৰত্যক্ষ কৰে যদিও চিনাক্ত কৰিব নোৱাৰিলে কোনেও। উপায়হীন হৈ ভুক্তভোগীক স্থানীয় যুৱকসকলে ৫০/১০০ টকাকৈ উঠাই লৈ গুৱাহাটীলৈ পঠিয়াই দিয়ে ৰেপিডো চালকজনক। ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিয়পে অঞ্চলজুৰি।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like