গৱেষক–শিক্ষাবিদ ড০ বাণীকান্ত শর্মাক সশ্রদ্ধ স্মৰণ
সাহিত্য সভাৰ নেহা ভৱনত শ্রদ্ধাঞ্জলি–স্মৃতিচাৰ্ণ সভা
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ প্রথিতযশা গৱেষক পণ্ডিত, সু–সাহিত্যিক, শিক্ষাবিদ, অধ্যাপক ড০ বাণীকান্ত শর্মাৰ দেহাৱসান অসমৰ বৌদ্ধিক জগতত, অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ ক্ষেত্রখনৰ বাবে অপূৰণীয় ক্ষতি৷ কালি বিয়লি অসম সাহিত্য সভাৰ নেহা ভৱনত অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম আৰু শৰৎ চন্দ্র শর্মা প্রাচ্যতত্ত্ব অধ্যয়ন কেন্দ্রই যুটীয়াভাৱে আয়োজন কৰা ড০ বাণীকান্ত শর্মাৰ শ্রদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত কেইবাগৰাকী বিশিষ্ট পণ্ডিত, সাহিত্যিকে এই মন্তব্য কৰে৷ বিশিষ্ট সাহিত্যিক, গৱেষক, প্রাচ্যতত্ত্ব অধ্যয়ন কেন্দ্রৰ সাধাৰণ সম্পাদক কনক চন্দ্র শর্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা অধ্যয়ন বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক, প্রাচীন আৰু আধুনিক অসমীয়া ভাষা–সাহিত্যৰ বিদগ্ধ পণ্ডিত ড০ বাণীকান্ত শর্মাৰ লগতে প্রাচ্যতত্ত্ব অধ্যয়ন কেন্দ্রৰ কোষাধ্যক্ষ আৰু সাহিত্য পৰিষদৰ সদস্য, অসম সাহিত্য সভাৰ প্রাক্তন সহকাৰী সম্পাদক ভৰত চন্দ্র ডেকা আৰু সাহিত্য পৰিষদৰ আজীৱন সদস্য, বিশিষ্ট অনুবাদক, কবি বন্তি আশা কাকতি চলিহাক শ্রদ্ধাঞ্জলি জনোৱা হয়৷
অনুষ্ঠানত ড০ শর্মাকে মুখ্য কৰি তিনিওগৰাকী বিশিষ্ট ব্যক্তিৰ জীৱন আৰু বৌদ্ধিক কর্মৰ বিষয়ে আলোকপাত কৰা হয়৷ সভাৰ আৰম্ভণিতে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি ধীৰেন শর্মাই অসমীয়া ভাষা–সাহিত্য বিশেষকৈ অসমৰ প্রাচীন সংস্কৃত সাহিত্যৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ দিশত ড০ বাণীকান্ত শর্মাৰ অমূল্য অৱদানৰ বিষয়ে আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদ আৰু শৰৎ চন্দ্র শর্মা প্রাচ্যতত্ত্ব অধ্যয়ন কেন্দ্রৰ সাংগঠনিক আৰু বিদ্যায়তনিক দিশত তেওঁ এগৰাকী উপদেষ্টা ৰূপে আগবঢ়োৱা গুৰুত্বপূর্ণ ভূমিকাৰ স্মৰণ কৰে৷ তদুপৰি ভৰত চন্দ্র ডেকা আৰু বন্তি আশা কাকতি চলিহাৰ দুয়োটা অনুষ্ঠানৰ লগত থকা সম্বন্ধৰ বিষয়েও স্মৰণ কৰে৷ সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড০ মুকুল চক্রৱর্তীয়ে বিশ্ববিদ্যালয়ৰ এই বিভাগটোলৈ ড০ শর্মাই আগবঢ়োৱা বিশেষ অৱদানৰ বিষয়ে শ্রদ্ধাৰে সোঁৱৰণ কৰে৷
সভাত ড০ বাণীকান্ত শর্মাৰ অনুকৰণীয় জীৱন আৰু সুকর্মৰ বিভিন্ন দিশ আলোকপাত কৰাৰ উপৰি ভৰত চন্দ্র ডেকা,বন্তি আশা কাকতি চলিহাৰ সাংগঠনিক আৰু সাহিত্যিক অৱদানৰ বিষয়ত বক্তব্য দাঙি ধৰি স্মৃতিচাৰণ কৰে বিশিষ্ট সাহিত্যিক ড০ দয়ানন্দ পাঠক, গৱেষক পণ্ডিত ড০ নন্দিতা ভট্টাচার্য গোস্বামী, ড০ প্রণতি তালুকদাৰ মুদিয়াৰ, সতীশ চন্দ্র শর্মা, প্রমোদ চন্দ্র ভট্টাচার্য, ড০ সঞ্জীৱ শর্মা, পৱিত্র শর্মা, পৰিষদৰ সচিবপ্রধান কমল কলিতা, অধিবক্তা সত্যেন্দ্র প্রসাদ ডেকাই৷ অসম সাহিত্য সভাৰ উপ–সভাপতি আৰু সাহিত্য পৰিষদৰ ৰাজ্যিক উপ–সভাপতি মৃণালিনী দেৱীয়ে স্মৃতিচাৰণ সভাত অংশ লৈ তিনিওগৰাকী ব্যক্তিৰ সাহিত্য–কর্মৰ বিষয়ে স্মৰণ কৰাৰ লগতে মানুহৰ মৃত্যুৰ আধ্যাত্মিক দিশ সম্পর্কীয় এটি স্বৰচিত কবিতা পাঠেৰে শ্রদ্ধাঞ্জলি জনায়৷ সভাপতি কনক চন্দ্র শর্মাই তেখেতৰ ভাষণত ড০ বাণীকান্ত শর্মাৰ লগত থকা ঘনিষ্ঠ সম্পর্ক আৰু অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ গভীৰ জ্ঞান সমৃদ্ধভাৱে অথচ প্রচাৰবিমুখিতাৰে আগবঢ়াই থৈ যোৱা মহান অৱদানৰ সম্পর্কত উল্লেখ কৰি কয় যে ড০ শর্মাৰ দেহাৱসানত অসমৰ চহকী ঐতিহ্যৰ অধ্যয়নৰ দিশত উল্লেখনীয়ভাৱে বৌদ্ধিক শূন্যতাই দেখা দিলে৷ তেওঁ ভৰত চন্দ্র ডেকা আৰু বন্তি আশা কাকতি চলিহাৰ জীৱন আৰু প্রতিভাৰ দিশতো আলোচনা কৰে৷ সভাই শেষত তিনিওগৰাকী ব্যক্তিৰ মহান আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় ভগৱানৰ ওচৰত প্রার্থনা জনায় আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্রস্তাৱ গ্রহণ কৰে৷