নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ একেবাৰে নতুন ৰূপত তথা অদ্বিতীয় আবিষ্কাৰৰ প্রতিশ্রুতি পূৰণ কৰি ৰেন’ল্টে ১৫ ফেব্রুৱাৰীত একেবাৰে নতুন কাৰ ৰেন’ল্ট কাইগৰৰ মূল্য নির্ধাৰণৰ ঘোষণা কৰে৷ এতিয়া ইয়াৰ মূল্য (এক্স শ্ব’ৰূম) পাঁচ লাখ ৪৫ হাজাৰ টকাৰ পৰা আৰম্ভ হৈছে৷ এনেধৰণৰ অতুলনীয় মূল্য নির্ধাৰণৰ লগতে ৰেন’ল্ট কাইগৰ নিশ্চিতভাৱে বি এছ ইফ ভি ছেগমেণ্টত গতিশীলতা আনিবলৈ সম্পূর্ণৰূপে প্রস্তুত৷ ফ্রান্স আৰু ভাৰতীয় টীমে একেলগে মিলি ৰেন’ল্ট কাইগৰৰ নির্মাণ কৰিছে৷ ভাৰতবর্ষত বিকশিত তথা নির্মিত এই বাহনখন বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হ’ব৷ প্রথমতে ভাৰতীয় গ্রাহকসকলক এই বাহন উপলব্ধ কৰোৱা হ’ব৷ সম্পূর্ণ ভাৰতবর্ষত ৰেন’ল্টৰ পাঁচশতকৈ অধিক ছেলছ আউটলেটৰ ডীলাৰশ্বিপত ৰেন’ল্ট কাইগৰৰ বুকিং কালিৰে পৰা আৰম্ভ হৈছে৷
গুৱাহাটী মহানগৰীৰ সৰুসজাইস্থিত ৰেন’ল্টত অসমীয়া চিনেমাৰ মোহময়ী অভিনেত্রী নিশিতা গোস্বামীয়ে আজি ইয়াৰ আৰম্ভ কৰে৷ স্প’টী আৰু মস্কুলৰ এলিমেণ্টছৰ কাৰণে ইয়াৰ আকর্ষণীয় ডিজাইন আৰু সুন্দৰ হৈ উঠিছে৷ ৰেন’ল্ট কাইগৰৰ ভিতৰৰ অংশত উন্নত টেকন’লজী, আৰামদায়ক কর্মক্ষমতা আৰু অধিক ঠাই উপলব্ধ কৰা এক স্মার্ট কেবিন আছে৷ ৰেন’ল্ট কাইগৰত নতুন টর্বোচাজর্ড ১.০ এল পেট্র’ল ইঞ্জিন লগোৱা হৈছে৷ ৰেন’ল্ট কাইগৰ ইঞ্জিন দুটা বিকল্পৰ প্রথমটো ১.০ এল আৰু দ্বিতীয়টো ১.০ এল টর্বো৷ গ্রাহকসকলে ৰেন’ল্ট কাইগৰৰ চাৰিটা প্রকাৰ আৰ এক্সই, আৰ এক্স এল, আৰ এক্স টি আৰু আৰ এক্স জেড লাভ কৰিব৷