নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাখীৰ বিক্রীৰ কাৰণে ৩০ কোটিৰ হেলিকপ্টাৰ ক্রয় কৃষকৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ মহাৰাষ্ট্রৰ ভিৱান্দিৰ এজন কৃষকে তেওঁৰ দুগ্ধপামৰ ব্যৱসায় চলাবলৈ তথা গাখীৰ বিক্রী কৰাৰ বাবেই ৩০ কোটি টকাৰ হেলিকপ্টাৰ এখন ক্রয় কৰিছে৷ হর্ষবর্ধন ভইৰ নামৰ কৃষক আৰু উদ্যোগপতিজনে শেহতীয়াভাৱে আৰম্ভ কৰা দুগ্ধপামৰ ব্যৱসায় সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্রত ভ্রমণৰ সুবিধার্থে এখন হেলিকপ্ঢাৰ ক্রয় কৰিছে৷

পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটকে ধৰি বিভিন্ন স্থানত দুগ্ধপাম পৰিচালনাৰ ক্ষেত্রত স্থলপথেৰে দীঘলীয়া যাত্রা কৰিবলগীয়া হয় কৃষক ভইৰে৷ এই দীঘলীয়া যাত্রা হ্রাস কৰাৰ বাবে এজন বন্ধুৰ পৰামর্শ মতে ভইৰে ৩০ কোটি টকা ব্যয় সাপেক্ষে হেলিকপ্ঢাৰখন ক্রয় কৰে৷ স্থানীয় সাংবাদিকৰ আগত ভইৰে বন্ধুজনৰ পৰামর্শ মতে ব্যৱসায়ৰ খাটিৰত ভ্রমণ সহজ কৰাৰ বাবে হেলিকপ্টাৰখন ক্রয় কৰে বুলি প্রকাশ কৰিছে৷

যোৱা দেওবাৰে ভইৰৰ গাঁৱত হেলিকপ্টাৰখনক লৈ পৰীক্ষণ চলোৱা হয়৷ হেলিকপ্টাৰৰত গাঁৱৰ পঞ্চায়ত সদস্যক উঠাই পৰীক্ষণ চলায় ভইৰে৷ ইতিমধ্যে তেওঁৰ বাসগৃহৰ সমীপত ২.৫ একৰ ভূমি সাঙুৰি হেলিপেড নির্মাণ কৰাৰ লগতে গেৰেজো স্থাপন কৰিছে৷ পাইলট আৰু টেকনিচিয়ান ৰখাৰ বাবে কোঠা সাজিছে৷ ভইৰ হৈছে ১০০ কোটিতকৈ অধিক মূল্যৰ সম্পত্তিৰ গৰাকী৷

You might also like