আগন্তুক গণৰাজ্য দিৱস উপলক্ষে ধেমাজি জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: ৭৪ সংখ্যক গণৰাজ্য দিৱস দেশৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো ব্যাপক উৎসাহ-উদ্দীপনাৰে উদযাপনৰ বাবে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। আজি এই উপলক্ষে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক, অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইন আৰু জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে। সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পূৰ্বৰ দৰে এইবাৰো পুৱা ৫.৩০ বজাত জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে দেশপ্ৰেমমূলক গীত পৰিবেশনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। পুৱা ৯ বজাত ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হবলগীয়া মূল অনুষ্ঠানত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এছ চি চি আৰু স্কাউট এণ্ড গাইডৰ কুছকাৱাজৰ উপৰি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। তদুপৰি বিভিন্ন বিভাগৰ কৰ্মৰাজিক তুলি ধৰাৰ উদ্দেশ্যে প্ৰতীক পটৰো প্ৰৰ্দশন কৰা হ’ব। অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত কৃতিত্বপূৰ্ণ সেৱা আগবঢ়োৱা ব্যক্তি সকলক সন্মানিত কৰাৰ কথাও চিন্তা কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তেওঁ আৰু জনোৱা মতে, আবেলি কাছাৰী ময়দানতে জিলা উপায়ুক্ত একাদশ আৰু আৰক্ষী অধীক্ষক একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হব। জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সেই দিনা পুৱা নিজৰ নিজৰ ঘৰৰ চৌহদত সন্মান সহকাৰে জাতীয় পতাকাখন উত্তোলন কৰিবলৈ জিলা উপায়ুক্তই ৰাইজৰ প্ৰতি আহ্বান জনাইছে।