নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা সমষ্টিৰ ২৮খন আঞ্চলিকৰ অগপৰ পৰা সমূহীয়া পদত্যাগ

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ: জাতীয়তাবাদী আৱেগ অনুভূতিৰে অসমৰ খিলঞ্জীয়া লোকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা অসম গণ পৰিষদ চমুকৈ অগপত চৰম আঘাট হানি দেওবাৰে মধ্য অসমৰ ৮২ নং ৰহা বিধান সভা সমষ্টিৰ সমূহ আঞ্চলিক সমিতিয়ে সমূহীয়াকৈ অগপৰ পৰা পদত্যাগ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কালি ৰহাৰ মাজমজিয়া ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰত অনুষ্ঠিত অগপৰ ৰহা সমষ্টিৰ বিধান পৰিষদৰ এখনি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে দলীয় নেতৃবৃন্দই। মূলতঃ নেতৃত্বৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি সকলোৱে একেমুখে নেতৃত্বক তীব্ৰ সমালোচন কৰি অগপৰ নেতৃত্বই তৃণমূল পৰ্যায়ৰ কৰ্মীক কোনো গুৰুত্ব নিদিয়া, বিজেপিৰ লগত মিত্ৰতা অটুট ৰখা, বিগত পাঁচ বছৰত ৰহা সমষ্টিত সাংগঠনিক সভা অনুষ্ঠিত নকৰা আদি বহুকেইটা কাৰণতে ৰহা সমষ্টিৰ ২৮খন আঞ্চলিকে সমূহীয়াভাৱে অগপৰ পৰা পদত্যাগ কৰে। অসম আন্দোলনৰ সময়ৰে পৰা আৰু পৰৱৰ্তী সময়ত অগপ গঠন হোৱাৰে পৰা দলৰ হৈ কাম কৰি যোৱা সমষ্টি নেতা কৰ্মীসকল দলীয় উৰ্ধতন স্বাৰ্থপৰ নেতৃত্বৰ বাবেই এনেদৰে সমূহীয়া পদত্যাগ কৰিবলৈ বাধ্য হয় বুলি অভিযোগ উত্থাপন কৰে। শনিবাৰে সমূহীয়াভাৱে অগপ ত্যাগ কৰা ২৮খন আঞ্চলিকে পৰৱৰ্তী সময়ত একেলগে অন্য জাতীয়তাবাদী দলত যোগদান কৰাৰ কথাও ঘোষণা কৰে।

উল্লখ্য যে অসম আন্দোলনৰ পাছতে ১৯৮৫ চনৰ ৰহা সমষ্টিত অগপ দলে একেৰাহে তিনিবাৰকৈ বিধান সভাৰ আসন দখল কৰিছিল। কিন্তু দলীয় উৰ্ধতন নেতা দূৰ্বল নেতৃত্বৰ বাবে সাংগঠনিক ভেটি খহি পৰিছিল। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে, এসময়ৰ আঞ্চলিকতাবাদৰ অন্যতম ভেটি হিচাপে পৰিচিত ৰহা সমষ্টিত অগপ দলে দলীয় সাংগঠনিক ভেটি পুনৰুদ্ধাৰৰ বহু সুবিধা পাইছিল যদিও দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ ক্ষমতা কেন্দ্ৰিক যুঁজৰ বাবে অন্যান্য সমষ্টিৰ দৰে ৰহা সমষ্টিৰ তৃণমূল কৰ্মী সকলক আজি পৰ্যন্ত সেই সকল নেতাই এষাৰি মাত দিবলৈ আহৰি নাপালে বুলি অভিযোগ। ইতিপূৰ্বে অন্য কিছু দলীয় নিষ্ঠাবান কৰ্মীয়ে সমূহীয়া ভাৱে দলত্যাগ কৰা পাছত শেহতীয়াকৈ কেইজনমান কৰ্মীয়ে অগপক জীয়াই ৰাখিছিল যদিও মুৰকত সেইকেইজন দলীয় কৰ্মীয়েও অগপ ত্যাগ কৰা ঘোষণাৰ পাছত অগপ শূন্য হোৱাৰ দিশত ৰহা সমষ্টি।

You might also like