নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজকৰ্মী অশোক ভট্টাচাৰ্যীৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সমাজ কৰ্মী অশোক ভট্টাচাৰ্যৰ আজি ৰাতিপুৱা নিজা বাসভৱনত মৃত্যু হয়৷ মৃত্যুৰ আগমুহুৰ্তলৈ শিক্ষাৰ ক্ষেত্ৰখনৰ লগতে সামাজিক কামৰ সৈতে জৰিত হৈ থকা সহজ সৰল অমায়িক স্বভাৱৰ ব্যক্তিত্ব সম্পন্ন অশোক ভট্টাচাৰ্যীৰ মৃত্যুত দুধনৈত শোকৰ ছাঁ পৰে৷ তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ লগেলগে দুধনৈ বাবুপাৰাস্থিত বাসভৱন গুণমুগ্ধ লোকেৰে ভৰি পৰে আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে৷ আজি পুৱা শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ আকস্মিক ভাবে মৃত্যু বৰণ কৰে দুধনৈ অঞ্চলৰ সৰবৰহী তথা সমাজকৰ্মীগৰাকীয়ে৷ গোৱালপাৰা জিলাৰ দলগোমাৰ বাসিন্দা অশোক ভট্টাচাৰ্যই কৰ্মসূত্ৰে দুধনৈত নিগাজীকৈ থাকিব লৈছিল৷ ডুবাপাৰা হাইস্কুলত প্ৰধান শিক্ষকৰ চাকৰিৰে শিক্ষকতাৰ জীৱন আৰম্ভ কৰা অশোক ভট্টাচাৰ্যই ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিচত আমবাৰী মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাবে শিক্ষকতা কৰিছিল৷ তাৰ পিচত ১৯৯২ চনৰ পৰা ২০০৮ চনলৈ সুদীৰ্ঘকাল দুধনৈ মহাবিদ্যালয়ত শিক্ষকতা কৰিছিল৷ ২০০৮ চনত অৱসৰ গ্ৰহণ কৰাৰ পিচত দুধনৈ বিএড মহাবিদ্যালয়ৰ অধ্যক্ষ, শ্ৰীশংকৰাচাৰ্য জুনিয়ৰ কলেজৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল৷ ইয়াৰ উপৰি অশোক ভট্টাচাৰ্যই গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, দুধনৈ শংকৰদেৱ শিশু নিকেতন পৰিচালনা কমিটিৰ সভাপতি, গোৱালপাৰা জিলা পতঞ্জলি যোগ সমিতিৰ উপদেষ্টা, গোৱালপাৰা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টা,সদৌ অসম ব্ৰাহ্মণ সমাজৰ উপদেষ্টা হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল৷ আনহাতে ইংৰাজী ভাষাত সাংঘাতিক বুৎপত্তি থকা অশোক ভট্টাচাৰ্যই সুবক্তা আৰু স্তম্ভ লিখক হিচাবেও পৰিচিত আছিল৷ তেওঁ দুধনৈ থেকাচু মৌজা সমিতি, দুধনৈ উন্নয়ন কমিটি, দুধনৈ ব্যবসায়ী সন্থা, দুধনৈ ক্ৰীড়া সন্থা, দুধনৈ সাৰ্বজনীন ৰাস উদ্‌যাপন কমিটি, দুধনৈ সাৰ্বজনীন দুৰ্গাপূজা কমিটিৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনৰ লগত জড়িত আছিল৷ ৭৮ বছৰ বয়সত মৃত্যুবৰণ কৰা অশোক ভট্টাচাৰ্য্যই মৃত্যুৰ সময়ত পত্নী আৰু একমাত্ৰ জীয়ৰীক এৰি থৈ যায়৷ আজি দিনৰ ভাগত দুধনৈ ৰাজহুৱা শ্মশান শান্তিবনত অগণন গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে তেওঁৰ মৃতদেহ অন্তিম সংস্কাৰ কৰি শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷
প্ৰেৰক বেনজিন বড়ো
You might also like