নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ– ৰাজ্যত একাংশ চোৰাং বেপাৰীয়ে দুখীয়াৰ বাবে আবন্টিত হোৱা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আজিও চোৰাং বজাৰলৈ সৰবৰাহ অব্যাহত ৰাখিছে ।চোৰাং ব্যৱসায়ী চক্ৰয়ে দুখীয়াৰ বাবে আৱণ্টিত হোৱা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে। ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ খোদ একাংশ দুৰ্নীতিপৰায়ণ বিষয়া – কৰ্মচাৰীয়ে একাংশ দালাল তথা জনপ্ৰতিনিধিৰ সহযোগত দুখীয়াৰ বাবে আবন্টিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কলা বজাৰত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে ।চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থকা সময়তে বঙাইগাঁও জিলাৰ যোগীঘোপাত যোৱা নিশা আৰক্ষীয়ে চোৰাং চাউল ভৰ্তি এখন বলেৰ পিকআপ ভান জব্দ কৰে ।আৰক্ষীয়ে জব্দ কৰা বলেৰ পিকআপ ভান খনৰ পৰা ৭০ বেগ চোৰাং চাউল উদ্ধাৰ কৰে । আৰক্ষীয়ে জব্দ কৰা বলেৰ পিকআপ ভান নম্বৰ ক্ৰমে এ এছ ১৯ এচি ১৯৭৬ বুলি আৰক্ষী সুত্ৰে জনা গৈছে ।জানিব পৰা মতে, কালি ঔডুবী দিশৰ পৰা চোৰাং চাউল ভৰ্তি বলেৰ পিকআপ ভান খন গোৱালপাৰালৈ সৰবৰাহ কৰাৰ খবৰ লাভ কৰে আৰক্ষীয়ে । যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত চলন্তাপাৰাত চোৰাং চাউল ভৰ্তি বলেৰ পিকআপ ভানখন জব্দ কৰে।আৰক্ষীয়ে ভানখনত থকা চাউলৰ নথি পত্ৰ পৰীক্ষা কৰি কোনো বৈধ নথিপত্ৰ লাভ নকৰাৰ পিছত আৰক্ষীয়ে বলেৰ পিকআপ ভানখন জব্দ কৰে ।আৰক্ষীয়ে জব্দ কৰা বলেৰ পিকআপ ভানখনত মুঠ ৭০ বেগ চোৰাং চাউল থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।আৰক্ষীয়ে বলেৰ পিকআপ ভানখনৰ চালক মহিবুল ইছলামকো আটক কৰে ।যোগীঘোপা আৰক্ষীয়ে এই সন্দৰ্ভত ২০৯//২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।প্ৰাপ্ত অভিযোগ মতে, জিলাখনৰ বিভিন্ন স্থানত একাংশ চোৰাং ব্যৱসায়ীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ ঘাটি গঢ়ি তুলিছে ।এই সমুহ চোৰাং চাউলৰ ঘাটিৰ পৰা নিশাৰ ভিতৰত গাড়ীৰে মেঘালয়ৰ লগতে চুবুৰীয়া দেশ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে ।একাংশ সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীয়ে দুখীয়াৰ বাবে আৱন্টিত হোৱা চাউল চোৰাং বজাৰলৈ বিক্ৰী কৰি আহিছে ।যোৱা নিশা যোগীঘোপা আৰক্ষীয়ে জব্দ কৰা চোৰাং চাউল সমুহ কচুদোলাত থকা মাজেৰ আলগা সমবায় সমিতিৰ পৰা গোপন ঘাটিত মজুত কৰি ৰাখি নিশা গোৱালপাৰালৈ সৰবৰাহ কৰিব ধৰতে আৰক্ষীয়ে জব্দ কৰে বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় একাংশ লোকে ।ঘটনা সন্দৰ্ভত আৰক্ষীৰ সঠিক তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব ।
টিংকু চন্দ্ৰ দাস, যোগীঘোপা