নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ ফলিহামাৰীত মধ্যাহ্ন ভোজনৰ চাউল চোৰাংকৈ বিক্ৰী

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ লাহৰীঘাটৰ ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ১৫ কুইণ্টল চাউল চোৰাংভাৱে বিক্ৰী। বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বিক্ৰী কৰিছিল চাউল খিনি। প্ৰধান শিক্ষক সহ চাৰি জনৰ বিৰুদ্ধে ৰাইজে দাখিল কৰিছে এজাহাৰ। প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। পোহৰলৈ আহিছে লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ নিলজ্জ কাণ্ড,বিদ্যালয়ৰ খনৰ মধ্যাহ্ন ভোজনৰ ১৫ কুণ্টইল চাউল চোৱাংভাৱে বিক্ৰী কৰাৰ সময়তে ৰাইজে চাউল খিনি জব্দ কৰি গতাই দিয়ে লাহৰীঘাট আৰক্ষীক। চাউল চোৰাংভাৱে বিক্ৰী কৰা ঘটনাত জড়িত থকাৰ অভিযোগত প্ৰধান শিক্ষক ৰফিকুল ইছলাম, সহকাৰী শিক্ষক ছোজ্জাত হুছেইন, আৰু পৰিচালনা সমিতিৰ সভাপতি ৰহুল আমিন,চোৰাং চাউল কিনোতা মহিবুৰ ৰহমানৰ বিৰুদ্ধে লাহৰীঘাট থানাত ৰাইজে ৰুজু কৰিছে গোচৰ। চাউল ক্ৰয় কৰা মহিবুৰ ৰহমান নামৰ এজন লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। অন কেমেৰাত মহিবুৰৰ বিষ্ফোৰক স্বীকাৰোক্তি বিদ্যালয়খনৰ প্ৰধান শিক্ষকে তেওঁক বিক্ৰী কৰিছিল মধ্যাহ্ন ভোজনৰ চাউলখিনি। উল্লেখ্য যে টেঙাগুৰি সমবায় সমিতিৰ পৰা চাউলখিনি বিদ্যালয়লৈ নিয়াৰ পৰিৱৰ্তে বাটতে বিক্ৰী কৰিছিল।

প্ৰেৰক আবুল কালাম

You might also like