১০০+ আসন লাভৰ দাবীত অটল ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ অসমত এইবাৰ হ’ব মহাজোঁটৰ চৰকাৰ৷ এইবাৰৰ নির্বাচন হ’ব বিজেপি বনাম ৰাইজৰ নির্বাচন৷ এই নির্বাচন অসমৰ অস্তিত্ব ৰক্ষাৰ নির্বাচন৷ এইবাৰৰ নির্বাচন ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ নির্বাচন৷ –মৰিগাঁৱৰ বিহুতলীত আজি মৰিগাঁও জিলা কংগ্রেছে আয়োজন কৰা এক বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি এই মন্তব্য কৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷
লক্ষণীয় যে প্রদেশ কংগ্রেছৰ সভাপতিজনে অহা নির্বাচনত কংগ্রেছে ১০+ আসন লাভ কৰিব বুলি পুনৰ দোহাৰে৷ প্রায় ৭ হাজাৰ লোকৰ উপস্থিতিত আজি অনুষ্ঠিত এই সভাখনত অংশগ্রহণ কৰে ৰাষ্ট্রীয় সম্পাদক তথা অসম প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, সাংসদ প্রদ্যুৎ বৰদলৈ, বিধায়ক নজৰুল ইছলাম, প্রদেশ কংগ্রেছৰ সম্পাদক ইমদাদ হুছেইন, প্রাক্তন বিধায়িকা জোনজোনালী বৰুৱা, মৰিগাঁও জিলা কংগ্রেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ, জ্যেষ্ঠ কংগ্রেছ নেতা ৰমেশ বৰদলৈ, যুৱ নেতা ৰাজীৱ নাথ, মৰিগাঁও জিলা কংগ্রেছৰ সম্পাদক মইদুল ইছলাম খান আদিয়ে৷ মৰিগাঁও জিলা কংগ্রেছৰ সম্পাদক শশীমোহন বিশ্বাসে আঁতধৰা সভাখনত ভাষণ প্রদান কৰি ৰিপুণ বৰাই কয়– কংগ্রেছৰ চৰকাৰ আহিলে ছমাহৰ ভিতৰত ৯০ হাজাৰ বেকলগ পূৰণ কৰিম৷ কৃষকৰ কৃষি ঋণ আৰু মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰো তেওঁ প্রতিশ্রুতি দিয়ে৷
তেওঁ কয় যে মহাজোঁটৰ চৰকাৰ হ’লে ৮৩০ টকাৰ বিপৰীতে ৭,৫০০ টকা পাব বিপিএলে৷ আনহাতে, সভাত ভাষণ প্রদান কৰি প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে কয় যে বিজেপিৰ ধর্মীয় ৰাজনীতি এইবাৰ উৎখাত হ’ব আৰু অসমত কংগ্রেছ মিত্রজেজাটে ১০১তকৈ অধিক আসন পাব৷ সভাত সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয়– এক পণ লৈ আহিছেছা৷ জাগি উঠাৰ সময়৷ নহ’লে দৈত্যই আমাক নিঃশেষ কৰিব৷ বিজেপিয়ে কয় এটা কৰে এটা৷ অসমৰ মাটি বাংলাদেশক দিলে৷ ‘কা’ জাপি দি অসমীয়া জাতিসত্তা লোপ কৰাৰ পদক্ষেপ ল’লে৷ কংগ্রেছৰ কালিমাসনাসকলক আদৰি ল’লে৷ চাৰিওফালে দুর্নীতিয়ে ছানি ধৰিছে৷ বৰাক–ব্রহ্মপুত্র, পাহাৰ– ভৈয়ামৰ কথা কোৱা মুখ্যমন্ত্রী চিণ্ডিকেটৰ সোণালী সূতাৰ বান্ধোনৰ মাজত৷ আনহাতে, কংগ্রেছ মহাজোঁটৰ অংশীদাৰ চি পি আই দলক মৰিগাঁও আসনখন এৰি দিয়াৰ বিভিন্ন খবৰ ওলাই থকাৰ সময়তে আজি মৰিগাঁও সমষ্টিৰ প্রাক্তন বিধায়িকা জোনজোনালী বৰুৱাই ভাষণত সমষ্টিটো এৰি নিদিবলৈ আহ্বান জনায়৷
লবীকেন্দ্রিক ৰাজনীতিৰ পৰা আঁতৰত থাকি সমষ্টি উদ্ধাৰত গুৰুত্ব দিলে মৰিগাঁও সমষ্টিত কংগ্রেছ জয়ী হ’ব বুলিও তেওঁ কয়৷ উল্লেখ্য যে এইবাৰ মৰিগাঁও সমষ্টিৰ পৰা জোনজোনালীবৰুৱাৰ উপৰি ৰমেশ বৰদলৈ, ৰাজীৱ নাথ আদি কেইবাজনো প্রার্থিত্বপ্রত্যাশী আছে৷